ETV Bharat / international

গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

author img

By

Published : May 13, 2020, 11:53 AM IST

বিশ্বজুৰি কৰ'ণা ভাইৰাছে 43,42,354 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 2,92,893 লোকৰ ৷ আনহাতে, প্ৰায় 16,02,443 লোক আৰোগ্য হৈ উঠিছে বুলি তথ্যত প্ৰকাশ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 8 মে' : বিশ্বজুৰি কৰ'ণা ভাইৰাছে 43,42,354 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 2,92,893 লোকৰ ৷ আনহাতে, প্ৰায় 16,02,443 লোক আৰোগ্য হৈ উঠিছে বুলি তথ্যত প্ৰকাশ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

বুধবাৰে চীনে প্ৰদান কৰা তথ্য অনুসৰি, দেশখনত যোৱা 24 ঘন্টাত 7 জন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ সেয়েহে চীনৰ চৰকাৰে দেশৰ জনসাধাৰণক সতৰ্ক কৰি দিয়াৰ লগতে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনাইছে ৷

বৰ্তমান আক্ৰান্ত 104 জন লোক চিকিৎসাধীন হৈ আছে ৷ আনহাতে, আক্ৰান্ত হোৱাৰ সন্দেহত আৰু কোনো লক্ষণ প্ৰদৰ্শন নকৰা 754 জন লোকক চিকিৎসাধীন কৰি ৰখা হৈছে ৷ চীনত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 82,926 হোৱাৰ বিপৰীতে মৃত্যু হৈছে 4,633 জনৰ ৷

দক্ষিণ কোৰিয়াই প্ৰদান কৰা তথ্য অনুসৰি দেশখনত যোৱা 24 ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে 26 জন ৷ নাইট ক্লাবত অংশগ্ৰহণ কৰা প্ৰায় 12 জন লোক আক্ৰান্ত হোৱাৰ ফলত ৰাজধানী ছিউলৰ হাজাৰ লোকক কৰ'ণা ভাইৰাছ পৰীক্ষণ চলোৱা হৈছে ৷ দেশখনত বৰ্তমানলৈকে 10,962 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 259 জনৰ ৷

বুধবাৰে নিউজিলেণ্ডত এজনো লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই ৷ ইয়াৰ ফলত দেশখনত একেৰাহে দুদিন ধৰি এজনো লোক আক্ৰান্ত হোৱা নাই ৷ আনহাতে, যোৱা 24 ঘন্টাত পাকিস্তানত আক্ৰান্তৰ সংখ্যা 2,000 ৰো অধিক ৷ স্বাস্থ্য বিষয়াৰ অনুৰোধৰ অমান্য কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে লকডাউনত শিথিলতা ঘোষণা কৰা ফলতে এনেদৰে দেশখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৷ বৰ্তমানলৈকে দেশখনত আক্ৰান্তৰ সংখ্যা 34,312 জন ৷

আনহাতে, আমেৰিকাত আক্ৰান্তৰ সংখ্যা 14,08,636 জন আৰু মৃত্যু হোৱা লোকৰ সংখ্য়া 83,425 জন ৷ স্পেইনত আক্ৰান্ত 2,69,520 জন আৰু মৃত্যু 26,920 জন, ইটালীত আক্ৰান্ত 2,21,216 জন আৰু মৃত্যু 30,911 জন, ব্ৰিটেইনত আক্ৰান্ত 2,26,463 জন আৰু মৃত্যু 32,692 জন, ৰাছিয়াত আক্ৰান্ত হৈছে 2,32,243 জন আৰু মৃত্যুৰ সংখ্যা 2,116 জন, ফ্ৰান্সত আক্ৰান্ত 1,78,225 জন আৰু মৃত্যু হৈছে 26,991 জনৰ ৷

ভাৰতবৰ্ষত বুধবাৰৰ পুৱা পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 74,281 জন হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 2,415 জন ৷ আনহাতে, আৰোগ্য হৈ উঠিছে 24,386 জন লোক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.