নিউজ ডেস্ক, 24 অক্টোবৰ : কলম্বিয়াৰ উপ ৰাষ্ট্ৰপতি মাৰ্টা লুচিয়া ৰামিৰেজৰ দেহত ধৰা পৰিছে ক'ভিড -19 ৰ অৱস্থিতি ৷ 15 দিন হোম কোৱাৰেন্টাইন হৈ থাকিব ৰামিৰেজ ৷
উল্লেখ্য যে, দেশখনৰ ম্যানিজালসৰ এখন গৰ্বনৰ সন্মিলনত ভাগ লোৱাৰ পূৰ্বে উপ ৰাষ্ট্ৰ পতিগৰাকীয়ে ক'ভিড-19 ৰ পৰীক্ষা কৰিছিল ৷ ইফালে, কলম্বিয়াৰ স্বাস্থ্য আৰু সামাজিক সুৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, কলম্বিয়াত বৰ্তমান পৰ্যন্ত কৰ'ণা ৰোগত আক্ৰান্ত হৈছে 99,90,2700 গৰাকী লোক ৷ তাৰে ভিতৰত 29,636 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷
লগতে পঢ়ক- নিৰ্বাচনত জয়ী হ'লে আমেৰিকানবাসীয়ে লাভ কৰিব ক'ভিড ভেকচিনঃ জ' বিডেন