ETV Bharat / international

COVID-19 ৰ ফলত সৰ্বাধিক প্ৰভাৱিত শিশুসকল : UNICEF

author img

By

Published : Apr 11, 2020, 5:37 PM IST

COVID-19 য়ে সৰ্বাধিক প্ৰভাৱিত কৰিছে শিশুসকলক ৷ এই মন্তব্য় UNICEF ৰ ৷

UNICEF
COVID-19 ৰ ফলত সৰ্বাধিক প্ৰভাৱিত শিশুসকল

ইন্টাৰনেশ্যনেল ডেস্ক, 11 এপ্ৰিল : COVID-19 ৰ ফলত সৰ্বাধিক শিশুসকল আক্ৰান্ত হোৱা বুলি মন্তব্য় কৰি ইউনিচেফে (UNICEF) কয় যে, এই ক্ষেত্ৰত বিনিয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত ৷

এক বিবৃতিত ইউনিচেফৰ কাৰ্যবাহী নিৰ্দেশক হেনৰিয়েট্টা ফোৰে কয় যে, শিশুকসকলৰ ওপৰত COVID-19 ৰ প্ৰভাৱ সম্পৰ্কত কোনো চিন্তা-চৰ্চা নকৰিলে ই তেওঁলোকৰ ভৱিষ্যতত প্ৰভাৱ পেলাব ৷

"কেৱল শিশু আৰু যুৱচাম আক্ৰান্ত হোৱাই নহয়, তেওঁলোক ইয়াৰ ফলত আটাইতকৈ বেছি প্ৰভাৱান্বিত হৈছে," তেওঁ কয় ৷

এই বিবৃতিত কোৱা হয় যে, ইউনিচেফৰ এক বিৱৰণী অনুসৰি 186 খন দেশৰ 18 বছৰৰ তলৰ কিশোৰসকলৰ 99 শতাংশই কৰ'ণা ভাইৰাছৰ ফলত কোনো ধৰণৰ সৃষ্টিশীল কৰ্মত অংশ লবলৈ পোৱা নাই ৷

"আমি সকলোৱে জানো যে, যিকোনো ধৰণৰ সংকটৰ সময়তে যুৱচাম আৰু অসুৰক্ষিত সকলে অধিক ভুগিব লগা হয় ৷ এই মহামাৰীও ইয়াৰ বিপৰীত নহয় ৷ সেয়েহে আমাৰ দায়িত্ব হৈছে দুখ আঁতৰ কৰা, জীৱন ৰক্ষা কৰা আৰু প্ৰতিজন শিশুৰ স্বাস্থ্য সুৰক্ষিত কৰা," এক বিবৃতিত এনেদৰে মন্তব্য কৰে UNICEF য়ে ৷

ফোৰে লগতে কয় যে, এতিয়া শিক্ষা, শিশুৰ সুৰক্ষা, স্বাস্থ্য আৰু পুষ্টিকৰ খাদ্যৰ যোগান, পানী আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা এইবোৰত বিনিয়োগ কৰা উচিত ৷ ইয়াৰ ফলত বিশ্বত দেখা দিয়া সংকটৰ পৰা উপশম পোৱাৰ লগতে ভৱিষ্যতলৈও চিন্তিত হ'ব লগা নহ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.