ETV Bharat / international

COVID-19 টেষ্টৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি

দেওবাৰে COVID-19 টেষ্টৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক । কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা ১০ দিনৰ অন্তত অনা হৈছে প্ৰধানমন্ত্ৰীজনক ।

author img

By

Published : Apr 6, 2020, 3:27 PM IST

COVID-19 টেষ্টৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি
COVID-19 টেষ্টৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক দেওবাৰে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ ১০ দিনৰ পাচত পুনৰ টেষ্টৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰধানমন্ত্ৰীগৰাকীক ।

৫৫ বছৰীয়া প্ৰধানমন্ত্ৰীগৰাকীৰ দেহত বৰ্তমানো কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছে । যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । চিকিৎসালয়ত ভৰ্তি কৰোৱা সিদ্ধান্তটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি উল্লেখ কৰে তেওঁৰ চিকিৎসকে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এনএইজএছ ষ্টাফক তেওঁলোকৰ কঠিন পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে জনসাধাৰণত ঘৰতে থাকিবলৈ আহ্বান জনায় ।

শুকুৰবাৰে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰি নিজৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । য'ত তেওঁ উল্লেখ কৰে, বৰ্তমানো তেওঁৰ উষ্ণতা বৃদ্ধি হৈ আছে যিটো কৰ'ণা ভাইৰাছৰে এটা লক্ষণ । সেয়ে আইচলেচনত দীৰ্ঘদিনলৈ থাকিব লাগিব ।

অৱশ্য়ে আগতকৈ কিছু সুস্থ অনুভৱ কৰাৰ লগতে আইচলেচনৰ সাতটা দিন সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে । লগতে দুৰ্ভাগ্যবশত এতিয়াও এটা লক্ষণে দেখা দি আছে । এই লক্ষণ সামান্য বুলি ভিডিঅ' বাৰ্তাটোত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.