ইণ্টাৰনেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : প্ৰকৃতিৰ তাণ্ডৱ চলিল ফিলিপাইনছত ৷ টাইফুনে তচ-নচ কৰিলে ফিলিপাইনছৰ একাধিক অঞ্চল ৷ ৰায় নামৰ এই ধুমুহা (Typhoon Rai in Philippines) ৰ ফলত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে প্ৰায় 169 গৰাকীকৈ লোকে ৷ বিগত সপ্তাহত এই ধুমুহাৰ ফলত ব্যাপক ভূমিস্খলন সংঘটিত হৈছিল ৷ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, এতিয়াও প্ৰায় 50 গৰাকী লোক সন্ধানহীন হৈ আছে ৷
ফিলিপাইনছৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ (পিএনপি) মুখপাত্ৰ কৰ্ণেল ৰ'ডৰিক আগষ্টাছ আলবাৰে দেওবাৰে সদৰী কৰা অনুসৰি, ভিছায়া এলেকাৰ অধিকাংশ লোক মৃত্যুমুখত পৰিছে ৷ অঞ্চলটোত বৰ্তমানলৈকে মৃত্যু ঘটিছে ১২৯ জন লোকৰ ৷ ফিলিপাইনছৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ (পিএনপি) মুখপাত্ৰ কৰ্ণেল ৰ'ডৰিক আগষ্টাছ আলবাৰে দেওবাৰে সদৰী কৰা অনুসৰি, ভিছায়া এলেকাৰ অধিকাংশ লোক মৃত্যুমুখত পৰিছে ৷ অঞ্চলটোত বৰ্তমানলৈকে মৃত্যু ঘটিছে ১২৯ জন লোকৰ ৷
বিপৰীতে কাৰাগাত ১০ গৰাকী, উত্তৰ মিন্দানাও ৭ গৰাকী আৰু জাম্বোয়াংগা অঞ্চলত এগৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ দেশখনৰ 3,000 ৰো অধিক অঞ্চলত প্ৰায় 1,80,800 ৰো অধিক লোক গৃহহাৰা হৈছে ৷ এই স্থানসমূহত বৰ্তমান পৰ্যন্ত বিচ্ছিন্ন হৈ আছে বিদ্যুত সংযোগ ৷
দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু ব্যৱস্থাপনা পৰিষদৰ (NDRRMC) মতে, ১৬ ডিচেম্বৰত ৰায়ে ফিলিপাইনছত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত ৩,৩২,০০০ ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল ৷ পৰিষদে বৰ্তমানলৈকে 31 গৰাকী লোকৰ মৃত্যুৰ খবৰ লাভ কৰিছে ৷ যাৰ ভিতৰত 4 গৰাকীৰ এই ৰায় নামৰ ধুমুহাৰ কবলত পৰি মৃত্যু ঘটিছে ৷
লগতে চাওক: SpaceX launches 52 Starlink satellites : মহাকাশলৈ প্ৰেৰণ ৫২ টা ষ্টাৰলিংক ইণ্টাৰনেট উপগ্ৰহ