ETV Bharat / international

চুইডেনত Skydiving Plane দুৰ্ঘটনাগ্ৰস্ত হৈ ৯ জন নিহত - চুইডিছ দুৰ্ঘটনা অনুসন্ধান কৰ্তৃপক্ষ

বৃহস্পতিবাৰে নিশা চুইডেনত দুৰ্ঘটনাত পতিত হয় এখন স্কাইডাইভিং বিমান । এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল মুঠ ৯ গৰাকী লোকৰ । অৰেব্ৰোৰ চহৰৰ সমীপতে এই দুৰ্ঘটনা সংঘটিত হয় ।

9 skydivers dead after skydiving plane crashes in Sweden
চুইডেনত স্কাইডাইভিং বিমান দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : Jul 9, 2021, 9:48 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জুলাই : চুইডেনত সংঘটিত হ’ল ভয়াৱহ বিমান দুৰ্ঘটনা । অৰেব্ৰোৰ চহৰৰ সমীপত বৃহস্পতিবাৰে নিশা এখন স্কাইডাইভিং বিমান(skydiving plane) দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত ৯ জন লোক নিহত হয় । আৰক্ষীয়ে জনোৱা মতে, বিমান দুৰ্ঘটনাত এজন পাইলট আৰু ৮ গৰাকী স্কাইডাইভাৰ নিহত হয় ।

বিমান পৰিবহণৰ তত্বাৱধানৰ দায়িত্বত চুইডিছ সামুদ্ৰিক প্ৰশাসনৰ মুখপাত্ৰ কাৰ্ল-জোহান লিণ্ডে এছ ভি টিক জনোৱা মতে, বিমানখনৰ উৰণৰ সময়ত বিসংগতি ঘটাৰ বাবেই সম্ভৱতঃ এই দুৰ্ঘটনা সংঘটিত হৈছে । চুইডিছ দুৰ্ঘটনা অনুসন্ধান কৰ্তৃপক্ষই দুৰ্ঘটনাস্থলীলৈ এটা দল প্ৰেৰণ কৰিছে । ষ্টকহোমৰ পশ্চিমে ১৬৪ কিলোমিটাৰ দূৰত এই দুৰ্ঘটনা সংঘটিত হয় ।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি, বিমানখনত থকা আটাইকেইজন লোক নিহত হৈছে ।

স্কাইডাইভাৰৰ এটা দলে গ্ৰীষ্মকালীন শিবিৰৰ বাবে ডি এইচ চি-২ বিভাৰ বিমানখন ভাৰালৈ লৈছিল । সম্প্ৰতি এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী ষ্টিফেন লফভেনে । টুইটযোগে তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । বৰ্তমান দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:দেশৰ অক্সিজেন নাটনিক লৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.