ETV Bharat / international

এডেন বিমানবন্দৰৰ বিস্ফোৰণত নিহত 25,আহত 110

author img

By

Published : Dec 31, 2020, 10:33 AM IST

দক্ষিণ য়েমেন চহৰৰ এডেন বিমানবন্দৰত বুধবাৰে সংঘটিত হয় এক বিস্ফোৰণ ৷ অৱতৰণ কৰাৰ পাচতে এক বিস্ফোৰণত পতিত হয় বিমানখন ৷ বিস্ফোৰণত প্ৰায় 25 গৰাকী লোক নিহত হয় আৰু 110 গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷

Blast at Aden airport
এডেন বিমানবন্দৰত বিস্ফোৰণ

ইণ্টাৰনেশ্যনেল ডেস্ক,31 ডিচেম্বৰ : বুধবাৰে দক্ষিণ য়েমেন চহৰৰ এডেন বিমানবন্দৰত কেবিনেট কঢ়িওৱা এখন নতুন বিমান অৱতৰণ কৰাৰ পাচতে এক বিস্ফোৰণত পতিত হয় বিমানখন ৷ এই বিস্ফোৰণত কমেও 25 গৰাকী লোক নিহত হোৱাৰ বিপৰীতে 110 গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷ নিৰাপত্তাৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে ৷

ইয়াৰ পাচতে নিৰাপত্তাৰক্ষীয়ে মন্ত্ৰী-পৰিষদক বিস্ফোৰণ সন্দৰ্ভত অৱগত কৰে ৷ এই বিস্ফোৰণৰ পাচত কেবিনেট সদস্যসকলক স্থানান্তৰিত কৰা হয় ৷

বিমান বন্দৰৰ এটি দৃশ্যত দেখা অনুসৰি, এই বিস্ফোৰণে ভূমি কঁপাই তুলিছিল । বহু মন্ত্ৰীয়ে বিমানৰ পৰা উভতি আহে বা আশ্ৰয় বিচাৰি ফুৰে ৷ টাৰ্মিনেল বিল্ডিঙৰ ওচৰৰ পৰা ডাঠ ধোঁৱা উৰি থকা পৰিলক্ষিত হয় ।

বিমানৰ ভিতৰত থকা য়েমেনৰ যোগাযোগ মন্ত্ৰী নাগুইব অল-আউগে জনোৱা মতে, তেওঁ দুটা বিস্ফোৰণৰ শব্দ শুনা পায় ৷ প্ৰধানমন্ত্ৰী মায়েন আব্দুল মালিক ছীড আৰু অন্যান্যসকলক বিমানবন্দৰৰ পৰা মাশ্বিক পেলেচলৈ লৈ যায় ।

লগতে পঢ়ক : 1 জানুৱাৰীৰ পৰা বহুকেইটা মডেলৰ ফোনত বন্ধ হ’ব হোৱাটচ এপ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.