ETV Bharat / international

পাকিস্তানত প্ৰৱেশৰ অনুমতি নিদিলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিমান

author img

By

Published : Sep 7, 2019, 5:27 PM IST

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বিমান পাকিস্তানৰ আকাশমাৰ্গেৰে যাবলৈ অনুমতি প্ৰদান কৰা নহ'ব ৷ জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ অনুমোদনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৷

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বী

ইন্টাৰনেশ্বনেল ডেস্ক, 7 ছেপ্তেম্বৰ : ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বিমান পাকিস্তানৰ আকাশমাৰ্গেৰে যাবলৈ অনুমতি প্ৰদান কৰা নহ'ব ৷ জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ অনুমোদনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৷ উল্লেখ্য যে, ছেপ্তেম্বৰৰ 9 তাৰিখৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি কোবিন্দে 9 দিনীয়া ভ্ৰমণসূচীৰে আইচলেণ্ড, ছুইজাৰলেণ্ড আৰু শ্ল'ভেনিয়া ভ্ৰমণ কৰিব ৷

কুৰেশ্বীয়ে দাবী কৰে যে, কোবিন্দৰ ভ্ৰমণসূচীৰ বাবে ছেপ্তেম্বৰৰ 9 তাৰিখে পাকিস্তানৰ আকাশমাৰ্গ মুকলি কৰি দিবলৈ ভাৰতে আহ্বান জনাইছিল ৷ কিন্তু, এই সম্পৰ্কত বৰ্তমানলৈকে নতুন দিল্লীৰ পৰা কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই ৷

পাকিস্তানে ভাৰতৰ বাবে সকলো ধৰণৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰি আহিছে যদিও ইয়াৰ কোনো চৰকাৰী অধিসূচনা প্ৰকাশ কৰা নাই ৷ ইয়াৰোপৰি, যোৱা মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্ৰান্সৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণৰ বাবে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ 26 ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ পাছতে ইছলামাবাদে আকাশমাৰ্গ বন্ধ কৰি দিছিল ৷ পুলৱামা আক্ৰমণৰ পাছতে পাকিস্তানৰ বালাকোটত ভাৰতীয় বায়ু সেনাই প্ৰৱেশ কৰি সন্ত্ৰাসবাদ শিবিৰ ধংস কৰিছিল ৷ ইয়াৰ পাছতে পুনৰ পাকিস্তানে সকলো ধৰণৰ বিমানৰ বাবে আকাশমাৰ্গ মুকলি কৰি দিছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.