নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ সমগ্ৰ বিশ্বৰ লগতে পাকিস্তানতো কৰ'ণা ভাইৰাছে সৃষ্টি কৰিছে ভয়ংকৰ তাণ্ডৱৰ। কৰ'ণা ভাইৰাছৰ ফলতেই দেশখনৰ অৰ্থনৈতিক ব্যৱস্থা অচল হৈ পৰিছে। কিন্তু এই সংকটৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ আমেৰিকা। শেহতীয়াকৈ পাকিস্তানক ৮৪ লাখ ডলাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই । এই ঘোষণা শুকুৰবাৰে পাকিস্তানত আমেৰিকাৰ ৰাষ্ট্ৰদূত পল জন্সৰ দ্বাৰা কৰা হয় ।
ভিডিঅ' মেছেজত জন্সে কয়, ৮০ লাখতকৈ কিছু বেছি পৰিমাণৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ'ব পাকিস্তানক । আমেৰিকা আৰু পাকিস্তানৰ চৰকাৰৰ সহযোগিতাত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আৰু আক্ৰান্ত লোকক শুশ্ৰষা কৰিবলৈ এই সাহাৰ্য দিয়া হ'ব ।
আনহাতে ইয়াৰে প্ৰায় ৩০ লাখ ডলাৰ পাকিস্তানত কৰ'ণা ভাইৰাছৰ হটস্পট স্থান সমূহত তিনিখন ম'বাইল পৰীক্ষাগাৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে । যাতে পৰীক্ষণ আৰু তীক্ষ্ণ দৃষ্টিৰ সক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অধিক সহায়ক হয় । ইপিনে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিও (IMF) বৃহস্পতিবাৰে জৰুৰীকালিন বিত্তীয় সাহাৰ্য হিচাপে পাকিস্তানলৈ ১৩০ কোটি টকা গৃহীত কৰিছে ।
পাকিস্তানত বৰ্তমানলৈকে ৭,৪৭৬ জন কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে দেশখনত মৃত্যু হৈছে ১৪৩ গৰাকী লোকৰ ।
লগতে চাওকঃ ২০ এপ্ৰিলৰ পৰা পুনৰ কাৰ্যকৰী হ'ব টোলগেট সমূহ : ভাৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ