নিউজ ডেস্ক, 12 জুলাই : এটা বিশেষ গৃহ, যাৰ ইতিহাসে অনাদিকালৰ পৰা সাক্ষী হৈ আহিছে বহু উত্থাপ-পতন, যাৰ আৰ্হিত বিশ্বৰ অধিকাংশ গীৰ্জাঘৰ আৰু মছজিদ নিৰ্মাণ হৈছিল, শেহতীয়াকৈ চৰ্চাত আহিছে এই বিশেষ গৃহটো ৷ ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্যকেন্দ্ৰ ঘোষণাকে ধৰি এক সংগ্ৰহালয় হিচাপে বিশ্বৰ অধিকাংশ লোকৰ আকৰ্ষণৰ কেন্দ্ৰ এইটো গৃহ হৈছে তুৰ্কীৰ ইষ্টানবুলস্থিত ঐতিহাসিক আগিয়া ছোফিয়া (Hagia Sophia museum) সংগ্ৰহালয় ৷ 532 খ্ৰীষ্টাব্দত আগিয়া ছোফিয়াক নিৰ্মাণ কৰিছিল বেজেন্টাইন সম্ৰাট জাষ্টিনিয়ান প্ৰথমে, আৰু এসময়ত ই হৈ পৰিছিল খ্ৰীষ্টিয়ানসকলৰ মুল গীৰ্জাঘৰ ৷
শেহতীয়াকৈ চৰ্চালৈ আহিছে এইটো বিশ্বখ্যাতস্থলী আগিয়া ছোফিয়া ৷ তুৰ্কীৰ ইস্তানবুলত থকা আগিয়া ছোফিয়াক সংগ্ৰহালয়ৰ পৰা পুনৰ মছজিদলৈ ৰূপান্তৰ কৰা হৈছে আৰু ইয়ে সমগ্ৰ বিশ্বতে মুছলমান বনাম খ্ৰীষ্টান, দুয়োটা সম্প্ৰদায়ৰ মাজত শীতল যুদ্ধ আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে তুৰ্কীৰ শীৰ্ষ আদালতে ইয়াক মছজিদৰ মৰ্যদা প্ৰদান কৰিছে ৷
এক ধৰ্মীয় গোটৰ দ্বাৰা শীৰ্ষ আদালতত প্ৰদান কৰা আবেদনৰ ভিত্তিতে 1934 চনত তুৰ্কীৰ কেবিনেটৰ কাউন্সিল অৱ ষ্টেটে গ্ৰহণ কৰা সিদ্ধান্তক ওফৰাই দেশখনে এইদৰে ধৰ্মীয় আঘাত হানি ষষ্ঠ শতিকাত নিৰ্মাণ কৰা সংগ্ৰহালয়টো মছজিদলৈ ৰূপান্তৰ কৰে ৷ তুৰ্কীৰ শীৰ্ষ আদালতে প্ৰদান কৰা ৰায়দানত ইয়াক মছজিদ বুলি ঘোষণা কৰি, ইয়াত নামাজ পঢ়াৰ অনুমতি প্ৰদান কৰে ৷
বৃহদাকাৰ গম্বুজৰ দ্বাৰা নিৰ্মিত, নিজৰ মাজতেই অনন্য 1400 বছৰ পুৰনি ঐতিহাসিক আগিয়া ছোফিয়া বেজেন্টাইন সাম্ৰাজ্যৰ মুখ্য গীৰ্জাঘৰ আছিল, অট্টোমন সাম্ৰাজ্যৰ সময়ত ইয়াক মছজিদৰ ৰূপ দিয়া হৈছিল আৰু আধুনিক তুৰ্কীৰ জন্মদাতা মুস্তাফা কেমাল আটাটুৰ্কে ইয়াক এক সংগ্ৰহালয়ৰ ৰূপ দিছিল ৷ ষষ্ঠ শতিকাত নিৰ্মিত এইটো গীৰ্জাঘৰ বৰ্তমানে উত্তপ্ত বিতৰ্কৰ মুখ্যকেন্দ্ৰ হৈ পৰিছে ৷ বহু ইতিহাসৰ সাক্ষী এইটো গীৰ্জাঘৰক লৈ এতিয়া বিশ্বৰ মুছলমান আৰু খ্ৰীষ্টান সম্প্ৰদায়ে দুটা পৰস্পৰ বিৰোধী স্থানত উপনীত হৈছে আৰু তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেকেপ টায়েপ এৰ্ডোগানৰ মৌলবাদী চিন্তাধাৰাৰ এক নঞাৰ্থক প্ৰভাৱ আৰু ৰাজনৈতিক ক্ষমতালিপ্সু স্বভাৱে ইয়াক ইউনেস্কৰ ঐতিহাসিক স্থলীৰ পৰা পুনৰ এক মছজিদ হিচাপে ৰূপান্তৰিক কৰে ৷
ঐতিহাসিক আগিয়া ছোফিয়া বেজেন্টাইন সাম্ৰাজ্যৰ মুখ্য গীৰ্জাঘৰ থকাৰ লগতে ইয়াত সম্ৰাটসকলৰ ৰাজঅভিষেক কৰা হৈছিল ৷ আগিয়া ছোফিয়াৰ অৰ্থ হৈছে পৱিত্ৰ জ্ঞান ৷ ইয়াৰ আৰ্হি সেইসময়ত নিৰ্মাণ কৰা হৈছিল যি সময়ত ষ্টীলৰ ব্যৱহাৰ প্ৰায় নাছিল আৰু ইয়াক তৈয়াৰ কৰোটে আফ্ৰিকাৰ পৰা মাৰ্বল অনা হৈছিল আৰু দুমহলীয়াকৈ মাৰ্বল খটুৱাই, বিশ্বমানৰ কাৰিকৰী প্ৰযুক্তি ইয়াত ব্যৱহাৰ কৰা হৈছিল ৷ ইয়াৰ গম্বুজাকৃতিৰ আৰ্হি এসময়ত বিশ্বৰ প্ৰায়ভাগ ইছলামধৰ্মী দেশৰ মছজিদৰ মুল আকৰ্ষণ হৈ পৰিছিল আৰু এতিয়াত তাৰ প্ৰভাৱ মছজিদসমূহত দেখা যায় ৷ 1935 চনত ইয়াক সংগ্ৰহালয় হিচাপে ঘোষণা কৰা হৈছিল ৷ ৰোমান সাম্ৰাজ্যৰ উত্থাপ পতনৰ সাক্ষী আগিয়া ছোফিয়া সংগ্ৰহালয়টোৱে পূৱৰ সৈতে পশ্চিমৰ সাংস্কৃতিক আৰু সাম্প্ৰদায়িক মিলন সম্পন্ন কৰাত সহায় কৰিছিল ৷
![আগিয়া ছোফিয়া সংগ্ৰহালয়টো](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7970482_sksd.jpg)
কিন্তু তুৰ্কীৰ ৰাষ্ট্ৰপতি তথা মৌলবাদী ইছলামিক চিন্তাৰে পৰিচালিত ৰেকেপ টায়েপ এৰ্ডোগানে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই এইদৰে এক ঐতিহাসিক গীৰ্জাঘৰ তথা সংগ্ৰহালয়ক মছজিদলৈ ৰূপান্তৰিত কৰে ৷ যাৰ ফলত এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৷ এনে অৱস্থাত তুৰ্কীৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে গ্ৰীছকে ধৰি আমেৰিকা আৰু ৰাছিয়াই ৷ ৰোমান সাম্ৰাজ্যৰ ইতিহাস বহনকাৰী এইটো গীৰ্জাঘৰৰ বাবেই সমগ্ৰ ৰাছিয়াই খ্ৰীষ্টিয়ানলৈ ধৰ্মান্তৰিক হৈছিল আৰু বৰ্তমানে ইয়াক মছজিদৰ মৰ্যদা প্ৰদান কৰাত গ্ৰীছ আৰু ৰাছিয়াই তুৰ্কীৰ বিৰুদ্ধে একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে ৷ চিৰাচৰিত মুছমিল ধৰ্মীয় মৌলবাদী নীতিৰে তুৰ্কীৰে ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰা বিস্তাৰবাদী নীতিৰ পৰিনাম অধিক ভয়াৱহ হ'ব বুলি আশংকা কৰা হৈছে ৷