ETV Bharat / international

নেপালত তিনিজন ভাৰতীয়ৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাচ

তিনিওজন লোক মাৰ্চ মাহত প্ৰৱেশ কৰিছিল নেপালত । বৃহৎ ধৰ্মীয় সভাত অংশ লোৱাৰ কথা আছিল লোককেইজনৰ । ইয়াৰ পূৰ্বে দিল্লীৰ তবলিগি জামাতত অংশ লৈছিল লোক কেইজনে ।

কৰ'ণা ভাইৰাচ
কৰ'ণা ভাইৰাচ
author img

By

Published : Apr 13, 2020, 2:46 PM IST

কঠমাণ্ডু, 13 এপ্ৰিলঃ নেপালত তিনিজন ভাৰতীয় নাগৰিকৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাচ । দেশ খনৰ দক্ষিণ পাৰত অৱস্থিত এক মছজিদত আশ্ৰয় লৈ আছিল লোক কেইজনে । বৃহৎ ধৰ্মীয় সভাত অংশ লোৱাৰ উদ্দেশ্যেৰে মাৰ্চ মাহত নেপাললৈ গৈছিল লোককেইজন । নেপাল যোৱাৰ পূৰ্বে দিল্লীৰ তবলিগী জামাতত অংশ লৈছিল লোক কেইজনে । স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ।

তিনিওজন লোকৰ বয়স ক্ৰমে 37 বছৰ, 44 বছৰ আৰু 55 বছৰ । কাঠমাণ্ডুৰ পৰা 135 কিল'মিটাৰ নিলগৰ বিৰগুঞ্জ চহৰৰ মদজিদত আশ্ৰয় লৈ আছিল লোককেইজন । কৰ'ণা ভাইৰাচ ৰোধৰ বাবে নেপালত 15 এপ্ৰিললৈ ঘোষণা কৰা লকডাউনৰ সময়তেই লোক কেইজনৰ দেহত এই মহামাৰী ধৰা পৰে বুলি নেপালৰ স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰণালয়ে জনাইছে । বৰ্তমান নেপালত কৰ'ণা ভাইৰাচত আক্ৰান্ত লোকৰ সংখ্যা 12 জন ।

উল্লেখ্য যে, তথ্য মতে লোক কেইজনে মাৰ্চ মাহত সাপ্তাৰি জিলাত এক ধৰ্মীয় সভাত অংশ লৈছিল, য'ত 100ৰো অধিক লোকৰ সমাগম হৈছিল ।

বৰ্তামান লোক কেইজনৰ চিকিৎসা চলি আছে আৰু লোককেইজন সংকটমুক্ত হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.