ETV Bharat / international

চীনৰ আগ্ৰাসনৰ সময় উদ্বিগ্নতাৰ কাৰণ -বিষ্ণু প্ৰকাশ, প্ৰাক্তন ৰাষ্ট্ৰদূত

বিদেশী মূলধন যোগানকাৰী আৰু প্ৰতিষ্ঠানসমূহে চীন ত্যাগ কৰিবলৈ লৈছে । ইয়াৰ অধীনস্থ অঞ্চলমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিৰ বাবেও বেইজিঙৰ ভাৱমূৰ্তি বিশ্বত বিনষ্ট হৈছে । ভেটো ক্ষমতাসম্পন্ন বেইজিঙে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক কৰ’ণা ভাইৰাছ অতিমাৰীয়ে সৃষ্টি কৰা ভয়াৱহতাৰ বিষয়ে আলোচনা কৰাত বাধা প্ৰদান কৰে । কিন্তু ১৮-১৯ মে’ত বিশ্ব স্বাস্থ্য পৰিষদৰ ওচৰত দাখিল কৰা ইউৰোপিয়ান ইউনিয়নৰ খচৰা প্ৰস্তাৱত চীনে সেয়া মানিবলৈ বাধ্য হয় । এই খচৰা প্ৰস্তাৱ 120 খন দেশে সমৰ্থন কৰিছে ।

author img

By

Published : Jun 1, 2020, 1:53 PM IST

The timing of Chinese incursions is worrisome
চীনৰ আগ্ৰাসনৰ সময় উদ্বিগ্নতাৰ কাৰণ

নিউজ ডেস্ক, 1 জুন: ভাৰত-চীনৰ মাজত লাইন অৱ এক্সুৱেল কন্ট্ৰল চমুকৈ এল এ চিত বিৰাজ কৰা অচলাৱস্থাই চতুৰ্থ সপ্তাহত ভৰি থৈছে । সাংবাদ মাধ্যমৰ বাতৰি অনুসৰি চীনে সীমান্তত চাৰি হাজাৰ সৈন্য আৰু ব্যাপক হাৰত সা-সামগ্ৰী যোগাৰ কৰিছে । সাধাৰণতে অসংখ্য ভাৰতীয় আৰু চীনা সৈন্য আহত হোৱাকৈ কোনো সংঘাতত দুয়ো পক্ষই লিপ্ত নহয় । বেইজিঙৰ ঊৰ্ধতন পক্ষৰ পৰা কোনোধৰণৰ অনুমোদন অবিহনে এই পৰিকল্পিত আগ্ৰাসন সম্ভৱ নহয় । ৱুহান আৰু মহাবলীপুৰমৰ অনানুষ্ঠানিক সন্মিলনত কোৱা দ্বিপাক্ষিক বুজাবুজিৰ কি হ’ল? এতিয়া কিয় এনেধৰণৰ ঘটনা সংঘটিত হ’ল? কিছু পশ্চাদপটে এই ক্ষেত্ৰত বুজাত সহায় কৰে । গোলকীয়ভাৱে চীনে বৰ্তমান যেনেদৰে মুখ থেকেচা খাইছে তাৰ অভিজ্ঞতা দেশখনে পূৰ্বে কাহানিও লাভ কৰা নাই । বৰ্তমান সৰ্বকালৰ নিম্ন পৰ্যায়ত অৱস্থান গ্ৰহণ কৰিছে চীনে ।১৯১৮-২০ ৰ স্পেনিছ ফ্লুৰ পাছতে আটাইতকৈ মাৰাত্মক বুলি মানৱ জাতিৰ মাজত পৰিচিত অতিমাৰীৰ জন্মস্থান হিচাপে চীন পৰিগণিত হৈছে ।

বিদেশী মূলধন যোগানকাৰী আৰু প্ৰতিষ্ঠানসমূহে চীন ত্যাগ কৰিবলৈ লৈছে । ইয়াৰ অধীনস্থ অঞ্চলমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিৰ বাবেও বেইজিঙৰ ভাৱমূৰ্তি বিশ্বত বিনষ্ট হৈছে । ভেটো ক্ষমতাসম্পন্ন বেইজিঙে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক কৰ’ণা ভাইৰাছ অতিমাৰীয়ে সৃষ্টি কৰা ভয়াৱহতাৰ বিষয়ে আলোচনা কৰাত বাধা প্ৰদান কৰে । কিন্তু ১৮-১৯ মে’ত বিশ্ব স্বাস্থ্য পৰিষদৰ ওচৰত দাখিল কৰা ইউৰোপিয়ান ইউনিয়নৰ খচৰা প্ৰস্তাৱত চীনে সেয়া মানিবলৈ বাধ্য হয় । এই খচৰা প্ৰস্তাৱ 120 খন দেশে সমৰ্থন কৰিছে । ৰাষ্ট্ৰপতি চি জিনপিঙৰ একো উপায় নথকাত স্পষ্টতা নথকা সহযোগিতাৰ প্ৰতিশ্ৰুতিৰে সন্মিলনত ভাগ ল’বলগীয়া অৱস্থাৰ সৃষ্টি হয় । চীন যি কামত সিদ্ধহস্ত সেই কামটো তেৱোঁ জানে । যিকোনো সমস্যাত পইচা নিক্ষেপ কৰাই চীনৰ নীতি । তাকে প্ৰমাণ কৰি আফ্ৰিকাৰ স্বাস্থ্যসেৱাৰ বাবে ২ বিলিয়ন ডলাৰৰ অৰ্থ সাহায্য আগবঢ়ায় চীনে ।

বিশ্বৰ নেতৃত্বৰ বাবে চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে তীব্ৰ সংঘাতত লিপ্ত হৈছে । আমেৰিকাৰ সৈতে উচ্চ প্ৰযুক্তিৰ পৃথকীকৰণ তীব্ৰ গতিত হোৱাৰ দৰে বিশ্বৰ আন দেশবোৰৰ অৰ্থনীতিৰ সৈতে দূৰত্ব বৃদ্ধি পাবলৈ ধৰিছে । চীনত ৰাইজৰ মাজত ব্যাপক অসন্তুষ্টি। চীনৰ নেতৃত্বই তীব্ৰ হেঁচাৰ সন্মুখীন হৈছে । চীনৰ পৰা কমেও কেইবা ত্ৰিলিয়ন ডলাৰৰ ক্ষতি পূৰণ দাবীৰ বাবে আমেৰিকান কংগ্ৰেছে চিন্তা- চৰ্চা কৰিছে । এই বিষয়ে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িয়ে সমালোচনা কৰি কয়—আমেৰিকাত এক ৰাজনৈতিক ভাইৰাছ বিয়পিছে । এই ভাইৰাছে চীনক আক্ৰমণ কৰি নিঃশেষ কৰাৰ বাবে সকলো সুযোগেই গ্ৰহণ কৰিছে । এনে পৰিস্থিতিত বাকী দেশসমূহে সাধাৰণ পৰিচয়কে ৰক্ষা কৰি আন্তঃৰাষ্ট্ৰীয় সমাজখনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাটো সমীচিন বুলি গ্ৰহণ কৰিছে । কিন্তু চীনে তেনেদৰে ভবা নাই । দেশখনে দক্ষিণ চীন সাগৰত তীব্ৰভাৱে আগ্ৰাসী স্থিতি গ্ৰহণ কৰিছে । চীনে টাইৱানক ভাবুকি দিয়াৰ বাবে চেষ্টা কৰাৰ লগতে এক নতুন নিৰাপত্তা আইন প্ৰৱৰ্তনেৰে হংকঙৰ স্বাধীনতা খৰ্ব কৰিছে । আমেৰিকাৰ ছেক্ৰেটাৰী অৱ ষ্টেট মাইক পম্পিঅ’য়ে ঘোষণা কৰিছে যে হংকং স্বতন্ত্ৰ হৈ থকা নাই । ইয়াৰ দ্বাৰা তেওঁ চীনক চমন কৰাৰ সম্ভাৱনাৰ এক ইংগিত প্ৰদান কৰে ।

বৰ্তমানৰ পৰিস্থিতিৰ কথা ক’বলৈ হ’লে এটা কথা মানিব লাগিব যে চীনৰ সৈতে থকা আমাৰ সীমা সম্পূৰ্ণৰূপে নিৰ্ধাৰিত নহয় । সেয়ে প্ৰতি বছৰে চাৰিশ-পাঁচশ অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হয় যদিও তৎকালীনভাৱে সেইবোৰৰ সমাধানো হয় । কিন্তু কিছু দিনৰ পৰা এইবোৰ ঘটনাই অচলাৱস্থাৰ ৰূপ পাইছে । তাৰে শেহতীয়া উদাহৰণ ডোকলামত সৃষ্টি হোৱা পৰিস্থিতি । ২০১৭ চনৰ ডোকলামৰ পৰিস্থিতি নিয়ন্ত্ৰণ হ’বলৈ 72 দিনৰ প্ৰয়োজন হৈছিল । এই বাৰৰ ঘটনাৰ ক্ষেত্ৰত দেখা পোৱা পাৰ্থক্য হ’ল—সময়, প্ৰাবল্য, সামৰিক শক্তিৰ মজুতকৰণ আৰু মনোবৃত্তি। বৰ্তমান এই মুখামুখিৰ পৰিস্থিতি চাৰিটা স্থানত বৰ্তি আছে—গালৱান উপত্যকাৰ তিনিটা স্থান আৰু লাডাখৰ পাংগোং চো হ্ৰদৰ কাষত ।

চীনে ভাৰতক লক্ষ্য কৰি লোৱাৰ কেইবাটাও স্পষ্ট কাৰণ আছে । প্ৰথমতে কৰ’ণাত বেয়াকৈ ক্ষতিগ্ৰস্ত চীনক এক শক্তিশালী নেতৃত্ব হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰপতি জিনপিঙে বিচাৰে । দ্বিতীয়তে বেইজিঙে চীনকেন্দ্ৰিক গোলকীয় ব্যৱস্থাৰ সৃষ্টি কৰিব বিচাৰে । এই ক্ষেত্ৰত ভাৰতক বাধা হিচাপে গণ্য কৰে বেইজিঙে । তৃতীয়তে চীনে ধাৰণা কৰি লৈছে যে ভাৰত বৰ্তমান কৰ’ণাভাইৰাছৰ দ্বাৰা ভাৰাক্ৰান্ত । চতুৰ্থতে চীনে প্ৰমাণ কৰিব বিচাৰে যে বিশ্বই সমালোচনা কৰিলেও ই দৃঢ় হৈ আছে । পঞ্চম কাৰণ হ’ল দেশখনে সকলোকে সকীয়াব বিচাৰে যে চীনৰ বিপৰীত স্থিতি গ্ৰহণ কৰিলে তাৰ ফল ভোগ কৰিব লাগিব । ষষ্ঠ কাৰণ হৈছে চীনে কেৱল ভাৰতৰ সংকল্পৰে প্ৰমাণ চাব বিচৰা নাই, আন্তঃৰাষ্ট্ৰীয় সমাজৰ সংকল্পৰ পৰীক্ষা ল’ব বিচাৰিছে । এনে পৰিস্থিতিত এটা কথা স্পষ্ট যে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে এক ডাঙৰ আৰু বিপজ্জনক সিদ্ধান্ত গ্ৰহণ কৰিছে । চীনা ভাষাৰ সংবাদ মাধ্যমসমূহে নিজ জেশৰ চৰকাৰী ভাষ্যকে প্ৰচাৰ কৰি ভাৰতক আগ্ৰাসনকাৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠি-পৰি লাগিছে । ২৬ মে’ত পিপ’লছ লিবাৰেশ্বন আৰ্মী চমুকৈ পি এল এৰ সন্মিলনত ৰাষ্ট্ৰপতি জিনপিঙে কোনো দেশৰ নাম উল্লেখ নকৰাকৈ সেনা বাহিনীক যুদ্ধৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাবলৈ আহ্বান জনাইছিল । ইয়াৰ পাছত তেওঁলোকে হাত ঘূৰাবলৈ আৰম্ভ কৰিলে । সৌভাগ্যক্ৰমে দুয়ো পক্ষৰ মাজত বহু সংখ্যক দ্বিপাক্ষিক সামৰিক, কূটনৈতিক আৰু ৰাজনৈতিক আলোচনাৰ ব্যৱস্থা আছে । সেই ব্যৱস্থাবোৰ ইতিমধ্যে সক্ৰিয় হৈছে । এই সমস্যা শান্তিপূৰ্ণভাৱে সমাধান হ’ব বুলি আশা কৰা হৈছে । কিন্তু ভাৰতে যে এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাত লুকাবলগীয়া একো নাই ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.