ETV Bharat / international

ফিজিত সংঘটিত বিক্ষিপ্ত ঘটনাক লৈ স্পষ্টীকৰণ চীন-টাইৱানৰ

author img

By

Published : Oct 19, 2020, 6:30 PM IST

যোৱা ৮ অক্টোবৰত ফিজীত অনুষ্ঠিত হোৱা টাইৱান ৰাষ্ট্ৰীয় দিৱসৰ অভ্যৰ্থনা অনুষ্ঠানত হোৱা হিংসাত্মক ঘটনাৰ কাৰণ সন্দৰ্ভত নিজ নিজ মতামত প্ৰকাশ কৰিছে চীন আৰু টাইৱানে । উক্ত ঘটনাত টাইৱানৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে মূৰত আঘাত পোৱাত হাস্পতাললৈ প্ৰেৰণ কৰা হয় । চীনৰ এজন কূটনীতিবিদো আঘাতপ্ৰাপ্ত হৈছিল ।

ফিজিত সংঘটিত বিক্ষিপ্ত ঘটনাক লৈ স্পষ্টীকৰণ চীন-টাইৱানৰ
ফিজিত সংঘটিত বিক্ষিপ্ত ঘটনাক লৈ স্পষ্টীকৰণ চীন-টাইৱানৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ অক্টোবৰ: চীন আৰু টাইৱানে যোৱা ৮ অক্টোবৰৰ ঘটনাক লৈ সোমবাৰে স্পষ্টীকৰণ দিছে । টাইৱান ৰাষ্ট্ৰীয় দিৱসৰ অভ্যৰ্থনা অনুষ্ঠানত টীন আৰু টাইৱানৰ মাজৰ শত্ৰুতাৰ আচল ছবিখন পৰিষ্ফূট হয় । চীনৰ কূটনীতিবিদে অতিথিৰ ফটো লোৱাক কেন্দ্ৰ কৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । এই বিক্ষিপ্ত ঘটনাত টাইৱানৰ এগৰাকী চৰকাৰী কৰ্মচাৰী আহত হয় । মূৰত আঘাত পোৱাৰ বাবে কৰ্মচাৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় ।

চীনৰ কূটনীতিবিদক ফটো তোলাত বাধা প্ৰদান কৰাক লৈ কাজিয়াৰ সূত্ৰপাত হয় । টাইৱানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই লিখিত স্পষ্টীকৰণত প্ৰকাশ কৰে যে, এয়া দুই প্ৰতিদ্বন্দী চৰকাৰৰ মাজৰ বিক্ষোভৰ চৰম পৰিণতি । চৰকাৰী কৰ্মচাৰীৰ ওপৰত হাত উঠোৱাক লৈও চীনা চৰকাৰক নিন্দা কৰে বৈদেশিক মন্ত্ৰালয়ে । আইনৰ শাসন আৰু সভ্য ব্যৱহাৰৰ সীমা উলংঘন কৰিছে বুলি কটাক্ষ কৰে । ফিজীত চীনৰ ৰাষ্ট্ৰদূতে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, টাইৱানে দিয়া স্পষ্টীকৰণ তথ্যৰ সৈতে একেবাৰে নিমিলে । অভ্যৰ্থনা অনুষ্ঠানৰ সন্ধিয়া টাইপে ব্যৱসায়িক কাৰ্যালয়ত কৰ্মচাৰীয়ে চীনৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ কৰ্মচাৰীক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ বাবে উচতনি যোগাই আছিল আৰু পৰিণতিস্বৰূপে অভ্যৰ্থনা অনুষ্ঠানত হতাহতিৰ সৃষ্টি হয় । উক্ত ঘটনাত চীনৰ এগৰাকী কূটনীতিবিদো আহত হয় ।

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগলৈ নিৰ্বাচিত চীন আৰু ৰাছিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.