ETV Bharat / international

সেনাৰ অধিগ্ৰহণৰ বিৰুদ্ধে ইয়াংগুনত তীব্ৰ প্ৰতিবাদ

author img

By

Published : Feb 8, 2021, 1:29 PM IST

ম্যানমাৰৰ নেতা আং ছান চ্যুকীক আটকৰ বিৰোধিতাৰে ম্যানমাৰত তীব্ৰ প্ৰতিবাদ ৷ একনায়কত্ববাদৰ বিৰোধিতা কৰি গণতন্ত্ৰৰ দাবী প্ৰতিবাদকাৰীৰ ৷ ম্যানমাৰৰ মুখ্য চহৰ ইয়াংগুনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চ্যুকীৰ লগতে ম্যানমাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলক মুকলি কৰি দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ ৷

Protesters rally in Yangon against army takeover

নেচনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: ম্যানমাৰৰ নেতা আং ছান চ্যুকীক সেনা বাহিনীয়ে আটক কৰাৰ লগতে চ্যুকিৰ চৰকাৰক ক্ষমতাচ্যুত কৰাৰ প্ৰতিবাদত সোমবাৰৰ দিনটোত শতাধিক লোকে ম্যানমাৰৰ মুখ্য চহৰ ইয়াংগুনত প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলা পৰিলক্ষিত হয় ৷ ম্যানমাৰৰ শতাধিক লোক সমবেত হৈ ইয়াংগোনত গণতন্ত্ৰৰ দাবী উত্থাপন কৰি একনায়কত্ববাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিক্ষোভকাৰী সকলে আং ছান চ্যুকীৰ লগতে ম্যানমাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলক মুকলি কৰি দিয়াৰ আহ্বান জনোৱাৰ লগতে সেনা বাহিনীয়ে ক্ষমতা প্ৰত্যাহাৰৰ বাবে লোৱা সিদ্ধান্ত উভোতাই লোৱাৰো দাবী উত্থাপন কৰে ৷

সোমবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদৰ অংশ হিচাপে সপ্তাহজুৰি প্ৰতিবাদী সমদল বাহিৰ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছতে প্ৰশাসনে ইন্টাৰনেটৰ সংযোগ বিচ্ছিন্ন কৰি দিছে ৷ অৱশ্যে শনিবাৰে আবেলি ইয়াংগোনৰ ইন্টাৰনেট ব্যৱহাৰকাৰী সকলে এই কথা জানিবলৈ দিছিল যে,তেওঁলোকৰ মোবাইল ফোন সমূহত ইন্টাৰনেট সংযোগ পুনৰ স্থাপন হৈছে ৷

উল্লেখ্য যে,ম্যানমাৰত যোৱা বছৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা অন্তিমটো নিৰ্বাচনত চ্যুকীৰ দলে সন্মিলিত উচ্চ সদনৰ ৪৭৬ খন আসনৰ ৩৯৬ আসন দখল কৰিবলৈ সক্ষম হৈছিল । সেনা বাহিনীৰ অভিযোগ অনুসৰি নিৰ্বাচনৰ সময়ত ভোটৰ ব্যাপক জালিয়াতি হৈছিল,সেয়ে তেওঁলোকে এই ফলাফল মানি নলয় আৰু উক্ত অভিযোগৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত চ্যুকীৰ চৰকাৰ ব্যৰ্থ হৈছে ৷

লগতে পঢ়ক: চ্যুকীক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ আহ্বান নিৰাপত্তা পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.