ETV Bharat / international

Dry fruit খাই ভালপোৱা সকলৰ বাবে বেয়া খবৰ - আফগানিস্তান দখল

তালিবানে দেশখনৰ ৰাজধানী কাবুল দখল কৰাৰ পিছতে ভাৰত আৰু আফগানিস্তানৰ মাজত বাণিজ্য নিষিদ্ধ কৰিছে ৷ যাৰ ফলত ভাৰতৰ শুকান ফলৰ আমদানি এতিয়া বন্ধ হৈ পৰিছে ৷ যাৰ ফলতে সমগ্ৰ দেশতে বৃদ্ধি পাইছে শুকান ফলৰ মূল্য ৷

Bitter news for dry fruit eaters in India
ভাৰতৰ Dry fruit খাই ভালপোৱা সকলৰ বাবে বেয়া খবৰ
author img

By

Published : Aug 20, 2021, 7:47 PM IST

নেশ্যনেল ডেস্ক , 20 আগষ্ট : ৰাজধানী কাবুলকে ধৰি তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে সমগ্ৰ বিশ্বৰ পৰিৱেশ সলনি হ'বলৈ ধৰিছে ৷ বিশ্বৰ অন্য ৰাষ্ট্ৰসমূহৰ লগতে ভাৰতকো ই প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে ৷ আফগানিস্তান দখল কৰাৰ পাচতে তালিবানে ভাৰতৰ সৈতে সামগ্ৰীৰ আমদানি আৰু ৰপ্তানি নিষিদ্ধ কৰিছে ৷ Federation of India Export Organizationৰ অজয় চাহাইও এই কথা নিশ্চিত কৰিছে ৷

ভাৰতে আফগানিস্তানলৈ চেনী, চাহ, কফি, মচলা আৰু অন্যান্য বস্তু ৰপ্তানি কৰে ৷ ভাৰতেও আফগানিস্তানৰ পৰা শুকান ফল, পিয়াজ আদি আমদানি কৰে ৷ কিন্তু আফগানিস্তানৰ দখল নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ লগে লগে লগে তালিবানে এই সামগ্ৰী আমদানি-ৰপ্তানি প্ৰক্ৰিয়া বন্ধ কৰি দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতত শুকান ফলৰ মূল্য বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : তালিবানে নহয়, অমৰুল্লাহ চালেহে চলাব আফগানিস্তান: পিছে কোন এই চালেহ ?

হাৰিয়ানাতো ইতিমধ্যে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৷ জানিব পৰা মতে, হাৰিয়ানাত কাঠবাদাম(almonds)ৰ মূল্য পূৰ্বৰ প্ৰতি কিলোগ্ৰামৰ ৬৫০ টকাৰ পৰা ৯০০ টকাৰ পৰা ১,০০০ টকালৈ বৃদ্ধি পাইছে ৷ একে সময়তে, আফগানিস্তানৰ পৰা অহা আঞ্জিৰ(figs ) আৰু পেছাৱাৰ(Peshawar)ৰ পৰা অহা পিস্তা(pistachios)ৰ হাৰো আকাশচুম্বী হৈছেগৈ ৷

লগতে পঢ়ক : এইবাৰ আফগানিস্তানত সলনি হ’ব নেকি তালিবানৰ পুৰুষতান্ত্ৰিক চৰিত্ৰ?

উৎসৱৰ সময় দিনক দিনে চমু চাপি অহাৰ লগে বৰ্ধিত মুদ্ৰাস্ফীতিৰ লগতে শুকান ফলৰ মূল্যবৃদ্ধিয়ে এতিয়া শুকান ফল ব্যৱসায়ী সকলৰ উৎসাহ হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে ৷ ইটিভি ভাৰতে Sirsaৰ কেইজনমান শুকান ফল ব্যৱসায়ীৰ সৈতে এই সন্দৰ্ভত কথা পাতোতে তেওঁলোকক যথেষ্ট হতাশ যেন দেখা গৈছিল ৷ আফগানিস্তানত চলি থকা সংকটে(ongoing crisis in Afghanistan) তেওঁলোকৰ ব্যৱসায়ক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে বুলি ব্যৱসায়ীসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : আফগানিস্তানৰ বাবে তালিবানী শাসনৰ অৰ্থ কি ?

এজন শুকান ফল বিক্ৰেতাই কয় যে, বাদামৰ হাৰ আগতে প্ৰতি কিলোগ্ৰামত ৬৫০ টকা আছিল আৰু এতিয়া প্ৰতি কিলোগ্ৰামত ৯০০ ৰ পৰা ১,০০০ টকালৈ বৃদ্ধি পাইছে ৷ বাদামৰ লগতে অন্যান্য শুকান ফল যেনে আঞ্জিৰ, পিস্তা, এপ্ৰিকট, আখৰোট আদিৰ মূল্যও বৃদ্ধি পাইছে ৷ দোকানীসকলৰ মতে শুকান ফলৰ হাৰ বৃদ্ধি হোৱাৰ বাবে, তেওঁলোকৰ ব্যৱসায় 20 শতাংশলৈ হ্ৰাস পাইছে ৷ পূৰ্বে তেওঁলোকে দৈনিক ৫০,০০০ ৰ পৰা ৬০,০০০ টকা মূল্যৰ শুকান ফল বিক্ৰী কৰিছিল আৰু এতিয়া বিক্ৰী ২,০০০ টকালৈ হ্ৰাস পাইছে ৷

লগতে পঢ়ক : ফেচবুকে অস্থায়ীভাৱে আঁতৰাইছে আফগান ব্যৱহাৰকাৰীৰ বন্ধুৰ তালিকা চোৱাৰ সুবিধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.