নিউজ ডেস্ক, 9 জুলাই : গালৱান ভেলীৰ শেহতীয়া পৰিস্থিতিক লৈ চীনে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ বৃহস্পতিবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰত আৰু চীনৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ ভাৰতীয় স্থলসেনা আৰু পিপুলছ লিবাৰেশ্বন আৰ্মীয়ে "কাৰ্যকৰী ব্যৱস্থা"ৰে গালৱান ভেলী আৰু প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ অন্যান্য প্ৰান্তৰ পৰা সৈনিক প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত স্থিৰ আৰু অৱস্থাৰ উন্নতি কৰিছে ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বিবাদিত স্থানৰ পৰা দুয়োখন দেশেই সেনা প্ৰত্যাহাৰ কৰাৰ পিচতে চীনে এইদৰে মন্তব্য প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ গলৱান নালাত কেইবাশ গজ পিছুৱাই গ'ল চীনা সৈন্য : সূত্ৰ
নতুন দিল্লীয়ে গালৱান ভেলীৰ পৰা সৈনিক প্ৰত্যাহাৰ কৰাৰ লগতে অস্থায়ী শিৱিৰসমূহ আঁতৰাই নিয়াৰ কথা প্ৰকাশ কৰাৰ এদিন পিচতেই চীনৰ বৈদেশিক মন্ত্ৰালয়ে এই মন্তব্য প্ৰকাশ কৰে ৷ চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ হাও লিজিয়ানে প্ৰকাশ কৰা অনুসৰি, চীনে ইতিমধ্যে গালৱান ভেলীকে ধৰি হট স্প্ৰীঙ এলেকাৰ পৰা নিজৰ সৈনিকৰ লগতে অস্থায়ী শিৱিৰসমূহ আঁতৰাই আনিছে ৷ বেইজিঙত এক সংবাদমেলত উল্লেখ কৰে যে, কামাণ্ডাৰ পৰ্যায়ত হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ভাৰত-চীনে গালৱান ভেলীৰ লগতে অন্যান্য অঞ্চলত সেনা প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বৰ্তমানে উক্ত অঞ্চলসমূহৰ পৰিস্থিতি সুস্থিৰ হৈ থকাৰ লগতে আগতকৈ উন্নত হৈছে ৷
লগতে পঢ়কঃ লাডাখত ভাৰত-চীনৰ মুখামুখি পৃথক আৰু চিন্তনীয়
দুয়োখন দেশৰ পৰৱৰ্তী আলোচনা সন্দৰ্ভত, সামৰিক আৰু আমোলাতান্ত্ৰিক পৰ্যায়ত দুয়োখন দেশে পৰৱৰ্তী আলোচনা আগৰ দৰেই চলাই নিব বুলি তেওঁ উল্লেখ কৰে ৷ ভাৰত-চীন সীমান্তৰ "Working Mechanism for Consultations and Coordination" নীতিৰ সহযোগত দুয়োখন দেশেই পৰৱৰ্তী আলোচনাসমূহ অনুষ্ঠিত কৰিব ৷ নতুন দিল্লীয়ে এইক্ষেত্ৰত বেইজিঙক পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব বুলি মতপ্ৰকাশ কৰে হাও লিজিয়ানে ৷
![গালৱানৰ পৰা সেনা প্ৰত্যাহাৰ দুয়োখন দেশৰ উল্লেখনীয় পদক্ষেপ আখ্যা চীনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7956942_sdds-1.jpg)
বিগত সোমবাৰে প্ৰায় দুঘন্টাযোৰা টেলিফোনিক বাৰ্তালাপৰ অন্তত দুয়োখন দেশে উক্ত বিবাদিত অঞ্চল, যিটো অঞ্চলত হোৱা ৰক্তাক্ত সংঘৰ্ষত ভাৰতীয় স্থলসেনাৰ 16 বিহাৰ ৰেজিমেন্টৰ কৰ্ণেল সন্তোষ বাবুকে ধৰি 20 গৰাকীকৈ জোৱান শ্বহীদ হৈছিল, সেইটো অঞ্চলৰ পৰা সামৰিক বাহিনী প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ভাৰতৰ হৈ এই আলোচনাত ভাগ লৈছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ হৈ এই আলোচনাত ভাগ লৈছিল দেশখনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি ৷
লগতে পঢ়কঃ ভাৰতৰ সৈতে পৰিস্থিতি সম্প্ৰতি সামগ্ৰিকভাৱে স্থিৰ আৰু নিয়ন্ত্ৰিতঃ চীন
এই আলোচনাত দুয়োপক্ষই সকলো বিবাদিত স্থানৰ পৰা ত্বৰান্বিতে সেনা প্ৰত্যাহাৰ কৰি উক্ত অঞ্চলসমূহৰ শান্তি পুনৰ ঘুৰাই অনাৰ বাবে মান্তি হৈছিল ৷ এই আলোচনাৰ বাবে দুয়োখন দেশৰ বিশেষ প্ৰতিনিধিৰ ৰূপত অংশগ্ৰহণ কৰিছিল ডোভাল আৰু ৱাং য়ি ৷
নতুন দিল্লীৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চীনৰ সামৰিক বাহিনীয়ে ইতিমধ্যে গালৱান ভেলীৰ পেট্ৰলি পইন্ট 14ৰ পৰা নিজৰ অস্থায়ী শিৱিৰকে ধৰি জোৱানসকল আঁতৰাই নিছে ৷ উক্ত স্থানতেই 15 জুনৰ নিশা সংঘটিত হৈছিল সেই ৰক্তাক্ত ঘটনা, যি ঘটনাৰ পিচতেই সমগ্ৰ বিশ্বৰ সংবাদ শীৰ্ষ দখল কৰিছিল চীন আৰু ভাৰতৰ বাতৰিয়ে ৷ উক্ত সংঘৰ্ষত ভাৰতৰ 20 গৰাকী জোৱানৰ বিপৰীতে চীনৰ সামৰিক বাহিনীৰ 35 গৰাকী জোৱান মৃত্যুমুখত পৰা বুলি আমেৰিকাৰ চোৰাংচোৱা সংস্থাই ইতিমধ্যে প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ চীনৰ সৈতে সংঘৰ্ষৰ মাজতে নেপালৰ সৈতেও বিঘ্নিত হৈছে ভাৰতৰ সম্পৰ্ক