ETV Bharat / international

পেগাচাছৰ স্পাইৱেৰৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছিল নেকি ইমৰান খানক !

author img

By

Published : Jul 20, 2021, 12:06 PM IST

ইজৰাইলী চাইবাৰ-সুৰক্ষা প্ৰতিষ্ঠান এনএছঅ'(NSO)ৰ দ্বাৰা নিৰ্মিত পেগাচাছ স্পাইৱেৰৰ (Pegasus spyware) জৰিয়তে অবৈধভাৱে নিৰীক্ষণ কৰা লোকসকলৰ তালিকাত আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান(Imran Khan)ৰ নাম । ৱাশ্চিংটন পোষ্টে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি এই তালিকাত আছে ইমৰাণ খানৰ ফোন নম্বৰ । হেংকিঙত ব্যৱহৃত ডিভাইচ নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে বিস্বৰ বিভিন্ন দেশৰ চোৰাংচোৱা সংস্থাক সেৱা আগবঢ়াই আহিছে ।

Pegasus list of potential spyware has one number once used by Pak PM Imran Khan
পেগাচাছৰ স্পাইৱেৰৰ সম্ভাৱ্য নিৰীক্ষণ তালিকাত ইমৰাণ খানৰ ফোন নম্বৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ জুলাই: পেগাচাছ স্পাইৱেৰ (Pegasus spyware) সন্দৰ্ভত এটাৰ পাছত আনটো চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ৱাশ্চিংটন পোষ্টে (Washington Post) । শেহতীয়াকৈ ৱাশ্চিংটন পোষ্টে প্ৰকাশ কৰিছে যে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে (Imran Khan) ব্যৱহাৰ কৰা এটা ফোন নম্বৰ পেগাচাছ স্পাইৱেৰৰ (Pegasus spyware) জৰিয়তে চোৰাংভাৱে নিৰীক্ষণ কৰা লোকৰ ফোন নম্বৰৰ তালিকাত আছে । ইজৰাইলী চাইবাৰ-সুৰক্ষা প্ৰতিষ্ঠান এনএছঅ'(NSO)ৰ দ্বাৰা পেগাচাছ স্পাইৱেৰ বিকশিত কৰা হৈছে । হেংকিঙত ব্যৱহৃত ডিভাইচ নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে বিশ্বৰ বিভিন্ন দেশৰ চোৰাংচোৱা সংস্থাক সেৱা আগবঢ়াই আহিছে ।

ৱাশ্বিংটন পোষ্টৰ মতে, ভাৰতৰ ১,০০০ হাজাৰতকৈও অধিক লোকৰ ফোন নম্বৰ পেগাচাছৰ নিৰীক্ষণ তালিকাত আছে । লগতে এই তালিকাত পাকিস্তানৰো শতাধিক লোকৰ ফোন নম্বৰ আছিল আৰু ইয়াৰ ভিতৰত আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে পূৰ্বে ব্যৱহাৰ কৰা এটা ফোন নম্বৰ । অৱশ্যে, প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ নম্বৰৰ ওপৰত নিৰীক্ষণৰ কৰাৰ প্ৰচেষ্টা সফল হৈছিল নে নাই সেয়া ৱাশ্চিংটন পোষ্টে প্ৰকাশ কৰা নাই । উল্লেখ্য যে, কেৱল তালিকাত ফোন নম্বৰ এটাৰ থকাৰ অৰ্থ এয়া নহয় যে, ডিভাইচটো পেগাচাছৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছে ।

কিন্তু পেগাচাছ প্ৰকল্পই নিৰীক্ষণৰ প্ৰচেষ্টা চলোৱাৰ সম্ভাৱনীয়তা থাকে । ইফালে, দ্য ৱায়াৰ(The Wire)ৰ তথ্য অনুসৰি, ভাৰতত ব্যৱহৃত ৩০০টা মোবাইল ফোনৰ নম্বৰ আছে এই তালিকাত । এই লোকসকলৰ ভিতৰত আছে ভাৰত চৰকাৰৰ মন্ত্ৰী, বিৰোধী ৰাজনীতিবিদ, সাংবাদিক আৰু বিজ্ঞানী ।

পেগাচাছ স্পাইৱেৰ ব্যৱহাৰ কৰি কোনো অচিনাক্ত সংস্থাই চোৰাংভাৱে নিৰীক্ষণ কৰি থকাৰ সম্ভাৱ্য তালিকাত এই ফোন নম্বৰবোৰ প্ৰকাশ পাইছে । ইফালে, বৈদ্যুতিন, তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে সাংবাদিকসকলৰ ওপৰত নিৰীক্ষণ কৰাৰ অভিযোগ নস্যাৎ কৰিছে । অৱশ্যে কোনো লোকৰ ওপৰত চৰকাৰৰ তৰফৰ পৰা নিৰীক্ষণ কৰাৰে জড়িত অভিযোগৰ কোনো দৃঢ় ভিত্তি নাই ।

পূৰ্বে, ভাৰতৰ বিভিন্ন ৰাজ্যত হোৱাটছএপত পেগাচাছ ব্যৱহাৰ সম্পৰ্কে একে ধৰণৰ দাবী উত্থাপন কৰা হৈছিল । সেই অভিযোগৰো কোনো তথ্যগত ভিত্তি নাছিল । উচ্চতম ন্যায়ালয়ত হোৱাটছএপৰ লগতে আন সকলো পক্ষই স্পষ্টভাৱে পেগাচাছ ব্যৱহাৰ হোৱাৰ কথা অস্বীকাৰ কৰিছিল । বৈদ্যুতিন, তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে লগতে কয়, ভাৰতৰ গণতন্ত্ৰ আৰু প্ৰতিষ্ঠানসমূহক অপবাদ জাপি দিবলৈ কেৱল অনুমানৰ ভিত্তিতে অতিৰঞ্জিত কৰি বাতৰি প্ৰচাৰ কৰা হৈছে । আনহাতে দ্য ৱায়াৰৰ মতে, ফাদিল হোৱা তালিকাখন প্ৰথমে ফ্ৰান্স ভিত্তিক ফৰ্বিডেন ষ্ট'ৰীজ আৰু এমনেষ্টি ইণ্টাৰনেশ্যনেল(Forbidden Stories and Amnesty International)ৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল আৰু পাছত 'পেগাচাছ প্ৰকল্প' শীৰ্ষক এক সহযোগিতামূলক অনুসন্ধানৰ অংশ হিচাপে বিশ্বজুৰি দ্য ৱায়াৰ আৰু আন ১৫টা টা সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক:আফগানিস্তানৰ পৰা মাৰ্কিন সৈন্য প্ৰত্যাহাৰ: হুছেইন আকবৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.