ইন্টাৰনেশ্যনেল ডেস্ক, 14 নৱেম্বৰঃ ধৰ্ষণকাৰীৰ গ্ৰেপ্তাৰৰ উদ্দেশ্যে নিজ কণ্যাক টোপ হিচাপে ব্যৱহাৰ এগৰাকী পাকিস্তানী আৰক্ষী বিষয়াৰ ৷ এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ সিন্ধৰ কাশ্মোৰত ৷ উক্ত অঞ্চলত ধৰ্ষণকাৰীৰ এটা দলে এগৰাকী মহিলা আৰু তেখেতৰ পাঁচবছৰীয়া কণ্যাক ভুৱা চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে কৰাছীৰ পৰা কাশ্মোৰলৈ মাতি পঠিয়ায় ৷ তাত উপস্থিত হোৱাৰ পিছতেই মহিলাগৰাকীক আৰু তেখেতৰ পাঁচবছৰীয়া কণ্যাক কেইবাদিনলৈ ধৰ্ষণ কৰা হয় ৷ আৰু ইয়াৰ পিছত দুয়োকে অন্য স্থানলৈ স্থানান্তৰিত কৰা হয় য’ত তেঁওলোকক পুনৰ ধৰ্ষণ কৰা হয় ৷
তথ্য অনুসৰি মহিলাগৰকীক ধৰ্ষণকাৰীসকলে অন্য এগৰাকী ছোৱালীক ফুচুলাই চাকৰিৰ প্ৰৱঞ্জনাৰে মাতি পঠিওৱাৰ বাবে জোৰ প্ৰদান কৰিছিল ৷ দুস্কৃতিকাৰীসকলে মহিলাগৰাকীক অন্য ছোৱালীৰ জোগাৰ কৰিবলৈ ৰেহাই দিয়ে যদিও তেখেতৰ পাঁচ বছৰীয়া কন্যাক বন্দী কৰি ৰাখে ৷ মুক্তি লাভ কৰিয়েই মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অবগত কৰে ৷
ইয়াৰ পিছতে উপ আৰক্ষী পৰিদৰ্শক মহম্মদ বাক্স বুৰিৰোই ধৰ্ষণকাৰীসকলক আটক কৰাৰ উদ্যেশে নিজৰ কন্যাক মহিলাগৰাকীৰ সৈতে প্ৰেৰণ কৰে ৷ মহিলাগৰাকীয়ে বুৰিৰোৰ কন্যাক দুস্কৃতিকাৰী কেইজনৰ হাতত গটাই দিয়াৰ উদ্দেশ্যে স্থানীয় পাৰ্কলৈ লৈ যায় আৰু ইয়াতেই আৰক্ষীয় ৰফিক মালাক নামৰ দুস্কৃতিকাৰী জনক আটক কৰে ৷ মালাকৰ জেৰাৰ দ্বাৰা আৰক্ষীয়ে বাগতী নামৰ আন এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি তেঁওলোকে বাগতিক চিনাক্ত কৰাৰ বাবে মালাক লৈ যোৱাৰ সময়তেই বাগতিয়ে মালাকক গুলিয়াই হত্যা কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে বাগতিৰ কাষৰ পৰা মালাকৰ হত্যাত ব্যৱহৃত বন্দুকটো জব্দ কৰিবলৈ সক্ষম হৈছে ৷
আনহাতে, আৰক্ষী বিষয়া বুৰিৰোৰ এই সাহসিকতা সন্দৰ্ভত সিন্ধ চৰকাৰৰ মুখপাত্ৰ মুৰ্তজা ৱাহাবেও প্ৰশংসা প্ৰদান কৰে ৷ লগতে বুৰিৰোৰ কন্যাকো নিজৰ সাহসিকতাৰ বাবে প্ৰশংসিত কৰে মুৰ্তজা ৱাহাবে ৷ বুৰিৰোৰ এই সাহসিকতাৰ বাবে তেখেতক ‘কোৱেইড-এ-আলম আৰক্ষী মেডেল’ৰে সন্মানিত কৰা হ’ব লগতে তেখেতৰ কন্যাক সৰ্বোচ্চ অসামৰিত সন্মানেৰে বিভূষিত কৰা হ’ব৷
লগতে পঢ়ক-দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে