ETV Bharat / international

মানৱ অধিকাৰ সন্দৰ্ভত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মিছাৰ আশ্ৰয় লৈছে পাকিস্তানে : বৈদেশিক মন্ত্ৰালয় - আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ঘাটি পাকিস্তান

ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰসংঘৰ আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 43 সংখ্যক অধিৱেশনত, মানৱ অধিকাৰৰ বাবে পাকিস্তান এক ভয়ংকৰ দেশ, যিখন দেশে সাংঘাটিক ধৰনে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে আৰু ভাৰতৰ বিৰুদ্ধে জম্মু-কাশ্মীৰক লৈ মিছা অপবাদৰ আশ্ৰয় লৈ আহিছে বুলি উল্লেখ কৰে ভাৰতে ৷

ৰাষ্ট্ৰসংঘৰ আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 43 সংখ্যক অধিৱেশন
ৰাষ্ট্ৰসংঘৰ আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ
author img

By

Published : Mar 5, 2020, 8:52 AM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 5 মাৰ্চ : ৰাষ্ট্ৰসংঘৰ মুখ্যালয় জেনেভাত চলি আছে আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 43সংখ্যক অধিৱেশন ৷ এই অধিৱেশনত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায়সংখ্যক দেশে ৷ অধিৱেশনৰ মাজতে মানৱ অধিকাৰক লৈ পাকিস্তানক সমালোচনা কৰে ভাৰতে ৷ ভাৰতৰ হৈ অধিৱেশনত অংশগ্ৰহণ কৰা বৈদেশিক মন্ত্ৰালয়ৰ প্ৰথম সচিব বিমৰ্শ আৰ্যই ভাৰতৰ প্ৰত্যুত্তৰৰ অধিকাৰৰ যোগে পাকিস্তানক কয় যে, "এই সংস্থা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সুৰক্ষাৰ বাবে দায়িত্বশীল ৷ কিন্তু হাস্যকৰভাৱে, পাকিস্তানৰ প্ৰতিনিধিৰ পৰা আমি শুনিবলৈ পোৱা কথাখিনিয়ে সন্মানীয় সংস্থাটোক ৰাজনীতিৰ মেৰুকৰণ কৰিব বিছাৰিছে ৷"

মানৱ অধিকাৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰথম সচিব বিমৰ্শ আৰ্য

আৰ্যই লগতে কয় যে, পাকিস্তানী প্ৰতিনিধিয়ে মানৱ অধিকাৰ ৰক্ষা কৰ্মীৰ বিৰুদ্ধে মিছা আৰু মনেসজা মন্তব্যৰ আশ্ৰয় লৈছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে পাকিস্তানৰ বৈধ মানৱ অধিকাৰ কৰ্মীসকলে দেশখনৰ কঠোৰ আইনৰ দ্বাৰা পীড়িত হৈ আহিছে ৷ তেওঁ কয় যে, "জম্মু-কাশ্মীৰকে ধৰি আমাৰ দেশৰ লোকসকলৰ মানৱ অধিকাৰৰ বাবে ভয়ানক বিপদ হৈছে আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ, যাৰ ঘাটি হৈছে পাকিস্তান আৰু পাকিস্তানৰ শীৰ্ষ নেতৃত্বই মুকলিকৈ ইয়াক সমৰ্থন আগবঢ়াই আহিছে ৷ জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু থাকিব আৰু পাকিস্তানে ইয়াক লৈ মূৰ ঘমাবলগীয়া নাই ৷ যিমানদূৰ সম্ভৱ ইছলামিক সহযোগিতা সংস্থা (Organisation of Islamic Cooperation)ৰ দৰে সংগঠনে ভাৰতৰ অন্তৰ্ৱতীকালীন বিষয়ত মাত মতাৰ কোনো অধিকাৰ নাই ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.