ETV Bharat / international

আফগানিস্তানৰ নিৰাপত্তা পৰিস্থিতিকলৈ শংকিত নহয় পাকিস্তান - শ্বেৰী ৰেহমান

প্ৰধানমন্ত্ৰী ইমৰান খান চৰকাৰক সমালোচনা কৰি পাকিস্তান পিপল পাৰ্টিয়ে কয় যে আফগান শান্তিত ইছলামাবাদৰ সৰ্বাধিক অংশ আছে কিন্তু ই 'ৰাডাৰলেছ'(rudderless) যেন লাগিছে । পাকিস্তান পিপল পাৰ্টিৰ উপ-সভাপতি চিনেটৰ (PPP vice president Senator) শ্বেৰী ৰেহমানে মঙলবাৰে কয় যে আফগানিস্তানৰ পৰিস্থিতিয়ে পাকিস্তানক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে । তেওঁ লগতে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে ইমৰান খানে আহিবলগীয়া সংকটৰ মোকাবিলা কৰিবলৈ একো গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

Afghanistan deteriorates
আফগানিস্তানৰ নিৰাপত্তা পৰিস্থিতিকলৈ শংকিত নহয় পাকিস্তান চৰকাৰ
author img

By

Published : Jul 7, 2021, 9:18 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ জুলাই : আফগানিস্তানৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি হোৱাৰ লগে লগে পাকিস্তানৰ বিভিন্ন দল সংগঠনে এতিয়া প্ৰধানমন্ত্ৰী ইমৰান খানকো (Prime Minister Imran Khan) সমালোচনা কৰা দেখা গৈছে । পাকিস্তান পিপল পাৰ্টিয়ে(Pakistan People Party) প্ৰধানমন্ত্ৰী ইমৰান খান চৰকাৰক সমালোচনা কৰি কয় যে আফগান শান্তিত ইছলামাবাদৰ সৰ্বাধিক অংশ আছে, কিন্তু ই 'ৰাডাৰলেছ'(rudderless) যেন লাগিছে । পাকিস্তান পিপল পাৰ্টিৰ উপ-সভাপতি চিনেটৰ (PPP vice president Senator) শ্বেৰী ৰেহমানে মঙলবাৰে কয় যে আফগানিস্তানৰ পৰিস্থিতিয়ে পাকিস্তানক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে । তেওঁ লগতে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে ইমৰান খানে আহিবলগীয়া সংকটৰ মোকাবিলা কৰিবলৈ একো গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

প্ৰধানমন্ত্ৰী খানক লক্ষ্য কৰি ৰেহমানে কয় যে বৈদেশিক নীতি কোনো ব্যক্তিৰ মুড-চুইং বিবৃতি(mood-swing statements) বা ব্যক্তিগত পছন্দ বা অপছন্দৰ ওপৰত নিৰ্দেশিত কৰিব নোৱাৰি । ডাঙৰ সিদ্ধান্তবোৰৰ বাবে ডাঙৰ নেতাৰ প্ৰয়োজন যিয়ে তেওঁলোকৰ অহংকাৰ কেৱল ৰাজহুৱা স্বাৰ্থত ব্যৱহাৰ কৰিব আৰু প্ৰতিষ্ঠানগত বাণিজ্য শিল্পৰ সৈতে জড়িত কৰিব পাৰে । সেই সকল নেতাৰ উদ্দেশ্যে কেৱল টুইট আৰু টিভিৰ সন্মুখত বক্তব্য ৰখাটোৱে হ'ব নালাগে বুলিও উল্লেখ কৰে ৰেহমানে ।

যুদ্ধ বা শান্তিৰ ক্ষেত্ৰত এখন দেশক এনে এজন নেতাৰ প্ৰয়োজন যি সংকট নিয়ন্ত্ৰণ কৰিবলৈ বা উন্নয়নৰ বাবে নতুন উপায় উলিয়াবলৈ সংসদত সংযম আৰু বৌদ্ধিক অখণ্ডতাৰে কথা পাতিব পাৰে । এই মূহুৰ্তত পাকিস্তান কঠোৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে যেন লাগিছে ৷ প্ৰধানমন্ত্ৰীয়ে কেৱল তেওঁৰ কাৰ্যালয়ত বহি এটা চৰম পৰিস্থিতিৰ অহালৈ বাট চাই আছে বুলিও উল্লেখ কৰে নেতাজনে ।

উল্লেখ্য যে শেহতীয়াকৈ আফগানিস্তানত যুক্তৰাষ্ট্ৰৰ সুৰক্ষা বাহিনী প্ৰত্যাহাৰ(US forces withdrawing) কৰাৰ লগে লগে তালিবানে সাধাৰণ নাগৰিক আৰু আফগান প্ৰতিৰক্ষা আৰু নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । ইতিমধ্যে তালিবানে সমগ্ৰ দেশৰ কেইবাখনো জিলা তেওঁলোকৰ অধীনলৈ আনিছে । ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা মূল্যায়নে পৰামৰ্শ দিয়া মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী প্ৰত্যাহাৰ কৰাৰ কেইমাহমানৰ ভিতৰতে দেশখনৰ চৰকাৰক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব পাৰে । আফগানিস্তানৰ সৈতে ২,৬০০ কিলোমিটাৰ দীৰ্ঘৰ সীমান্ত ভাগ বাটোৱাৰা কৰি থকা পাকিস্তানে আশংকা কৰিছে যে যুদ্ধবিধ্বস্ত দেশখনত হিংসাত্মক ঘটনা বৃদ্ধিয়ে শৰণাৰ্থী আৰু সন্ত্ৰাসবাদীসকলক পাকিস্তানলৈ ঠেলি দিব পাৰে ।

যোৱা সপ্তাহত আফগানিস্তানৰ ভিতৰৰ সন্ত্ৰাসবাদীয়ে উত্তৰ ৱাজিৰিস্তান জনজাতীয় জিলাৰ দ্বাটোই অঞ্চলৰ এটা সামৰিক চকীত গুলীচালনা কৰিছিল য'ত দুজন সৈনিক নিহত হৈছিল আৰু আন দুজন আহত হৈছিল । পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিয়ে যোৱা সপ্তাহত কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সুৰক্ষা বাহিনীৰ প্ৰত্যাহাৰৰ পিছত আফগানিস্তানত হিংসা আৰু অনিয়মৰ ৰাজত্ব হ'ব পাৰে ৷ যদি তালিবানে ইয়াৰ নেতৃত্ব লয় তেন্তে পাকিস্তানে দেশখনৰ সীমান্ত বন্ধ কৰি দিব । কুৰেছিয়ে লগতে কয় যে পাকিস্তানে ইতিমধ্যে বিগত বছৰবোৰত ৩.৫ নিযুত আফগান শৰণাৰ্থী বহন কৰিছে আৰু শৰণাৰ্থী গ্ৰহণ নকৰে ।

লগতে পঢ়ক :সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আফগান বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.