ETV Bharat / international

কৰ'ণা ভাইৰাছ : বিদ্যালয়ৰ পাঠদান আৰম্ভ পাকিস্তানৰ - ৰাষ্ট্ৰীয় লকডাউন

প্ৰায় ছয় মাহ ধৰি কৰ'ণা ভাইৰাছৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ পাচত মঙলবাৰে পাকিস্তানে পাঠদান আৰম্ভ কৰিলে বিদ্যালয়সমূহত ৷ COVID-19 ত আক্ৰান্ত আৰু মৃত্যু হোৱাৰ লোকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া দেশখনে বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

কৰ'ণা ভাইৰাছ
বিদ্যালয়ৰ পাঠদান আৰম্ভ পাকিস্তানৰ
author img

By

Published : Sep 15, 2020, 8:22 PM IST

নেশ্যনেল ডেস্ক, 15 ছেপ্তেম্বৰ : প্ৰায় ছয় মাহ ধৰি কৰ'ণা ভাইৰাছৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ পাচত মঙলবাৰে পাকিস্তানে পাঠদান আৰম্ভ কৰিলে বিদ্যালয়সমূহত ৷ COVID-19 ত আক্ৰান্ত আৰু মৃত্যু হোৱাৰ লোকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া দেশখনে বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বিদ্যালয়ৰ পাঠদান আৰম্ভ পাকিস্তানৰ

প্ৰধানমন্ত্ৰী ইমৰান খান আৰু শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়ববীয়াই কয় যে,সকলো শিশুয়ে সুৰক্ষিতভাৱে বিদ্যালয়লৈ যাব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

ইছলামাবাদৰ ছানা মুবাচ্চাৰ নামৰ এগৰাকী শিক্ষকে কয় যে, শিশুসকলে COVID-19 ৰ সকলো নিৰ্দেশনাৱলী অনুসৰণ কৰি বিদ্যালয়লৈ আহিব পৰাটোৱে বৰ্তমান আমাৰ প্ৰাধান্যতা ৷ কিন্তু কিছু অভিভাৱকে ভাইৰাছৰ দ্বিতীয় ঢৌক লৈ ভীতিগ্ৰস্ত হৈ আছে ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় লকডাউন ঘোষণা কৰাৰ ফলত পাকিস্তানে মাৰ্চত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছিল ৷ অন্য বিভাগসমূহত প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা হৈছিল যদিও বিদ্যালয়সমূহ বন্ধ কৰি ৰাখিছিল পাকিস্তানে ৷

লগতে পঢ়ক : কৰ'ণা ভাইৰাছৰ ফলত সৰ্বস্বান্ত মৃৎশিল্পী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.