ETV Bharat / international

পাকিস্তানত বিমান দুৰ্ঘটনা, অতি কমেও 57 জনৰ মৃত্যু - বিমান দুৰ্ঘটনাগ্ৰস্থ

লাহোৰৰ পৰা কাৰাছীলৈ গৈ আছিল বিমানখন । কেইবাটাও বাসগৃহৰ ওপৰত পতিত হয় বিমানখন । দুগৰাকী বিদেশী সহ মুঠ 98 গৰাকী যাত্ৰী আছিল বিমানখনত ।

পাকিস্তানত বিমান দুৰ্ঘটনা
পাকিস্তানত বিমান দুৰ্ঘটনা
author img

By

Published : May 23, 2020, 10:31 AM IST

নিউজ ডেস্ক, 23 মে': শুকুৰবাৰে পাকিস্তানত 98 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাটোৰ ফলত প্ৰাণ যায় অতি কমেও 57 গৰাকী ব্যক্তিৰ । আনহাতে, বিমানখন পতিত হয় বাসগৃহৰ ওপৰত । সেয়ে বাসগৃহ সমূহত থকা কিমান লোক তলত পৰি আছে সেই সম্পৰ্কে বৰ্তমানেও কোনো তথ্য প্ৰকাশ পোৱা নাই ৷

দেশখনৰ অসামৰিক বিমান প্ৰাধিকৰণে(PIA) অৱগত কৰা অনুসৰি বিমানখনত মুঠ 91 গৰাকী যাত্ৰী আছিল আৰু সাত গৰাকী বিমানৰ চালক-কৰ্মচাৰী আছিল । যাত্ৰীসকলৰ ভিতৰত দুগৰাকী বিদেশীও আছিল যাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ধ্বংসস্তুপত পৰিণত হোৱা বিমানখনৰ অৱশিষ্টৰ পৰা ।

লোহোৰৰ পৰা কাছাৰীলৈ গৈ থকা A30-8303 বিমানখন জিনাহ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উত্তৰ-পূৱত দুপৰীয়া 2.39 বজাত ভূ-পতিত হয় । যি অঞ্চলত ভূ-পতিত হৈছিল সেই স্থানত দৰিদ্ৰ লোকসকলে বাস কৰাৰ লগতে উক্ত অঞ্চল অত্যন্ত ঘন বসতিৰ আছিল । বিমানখনৰ দুয়োখন পাংখাই মহতিয়াই নিয়ে বহু ঘৰ । ইতিমধ্যে বিমানখনৰ ধ্বংসস্তুপৰ পৰা উদ্ধাৰ কৰা হৈছে 57 টা মৃতদেহ । সকলো মৃতদেহ উদ্ধাৰৰ বাবে আৰু দুই-তিনিদিন লাগিব বুলি জনাই PIA ৰ অধ্যক্ষ গৰাকীয়ে ।

180 গৰাকী যাত্ৰী কঢ়িয়াই নিব পৰা ক্ষমতা থকা বিমানখনক সামাজিক দূৰত্ব ৰক্ষাৰ বাবে নিয়া হৈছিল আধা সংখ্যক যাত্ৰী । আনহাতে, অধিকাংশ যাত্ৰীয়েই ঈদ উদযাপনৰ বাবে ঘৰলৈ বুলি অভিশপ্ত বিমানখনত ৰাওঁনা হৈছিল । পাকিস্তানত মাৰ্চৰ পৰা চলি থকা লক ডাউনৰ পাচত এইটো সপ্তাহৰ আৰম্ভণিতে পৱিত্ৰ ঈদ উপলক্ষে মুকলি কৰি দিয়া হৈছিল ঘৰুৱা বিমানৰ চলাচল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.