ইন্টাৰনেশ্যনেল ডেস্ক, 22 এপ্ৰিল : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বুধবাৰে কৰ'ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰে ৷ COVID-19 ত আক্ৰান্ত এজন সমাজ সেৱকৰ সংস্পৰ্শলৈ অহা বাবে তেওঁ এই পৰীক্ষা সম্পন্ন কৰে ৷ Shaukat Khanum Memorial Cancer Hospital ৰ এক চিকিৎসকৰ দলে ইমৰান খানৰ নমুনা সংগ্ৰহ কৰে ৷ বুধবাৰৰ দিনাই প্ৰধানমন্ত্ৰী গৰাকীৰ নমুনাৰ ফলাফল লাভ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷
"মই এই ঘোষণা কৰিবলৈ পাই সুখী হৈছো যে,এগৰাকী দায়িত্বশীল প্ৰধানমন্ত্ৰী আৰু নাগৰিক হিচাপে ইমৰান খানে মোৰ পৰামৰ্শ গ্ৰহণ কৰি পৰীক্ষা কৰিবলৈ সন্মতি প্ৰদান কৰে" -এই মন্তব্য Shaukat Khanum Memorial Cancer Hospital ৰ মুখ্য কাৰ্যবাহী সঞ্চালক ডঃ ফৈজল চুলতানৰ ৷
তেওঁ কয়,"এই দেশৰ দায়িত্বশীল নাগৰিক হিচাপে খানে কৰণা ভাইৰাছ পৰীক্ষা কৰিবলৈ সন্মতি প্ৰদান কৰে ৷"
তথ্য় মন্ত্ৰণালয়ৰ উপদেষ্টা ফিৰদৌছ আশিক আৱানে কয় যে,প্ৰধানমন্ত্ৰী ইমৰান খানৰ পৰিয়ালৰ ইতিমধ্যেই পৰীক্ষা কৰি নেগেটিভ লাভ কৰা হৈছে ৷ ইধী ফাউণ্ডেছনৰ অধ্যক্ষ আব্দুল ছাত্তাৰ ইধীৰ পুত্ৰ ফৈজল ইধী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচতে খানে পৰীক্ষা কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল ৷ উল্লেখ্য যে, যোৱা সপ্তাহত খান ফৈজল ইধীৰ সংস্পৰ্শলৈ আহিছিল ৷ ফৈজল খানৰ পুত্ৰ চাদে জানিবলৈ দিয়া অনুসৰি,ইছলামাবাদত প্ৰধানমন্ত্ৰী খানৰ সৈতে মিলিত হোৱাৰ পাচতে তেওঁৰ পিতৃৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ প্ৰত্যক্ষ কৰা হৈছিল ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ বাবে 10 মিলিয়নৰ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰিবৰ বাবে ফৈজল ইধীয়ে ইমৰান খানক লগ কৰিছিল ৷ যোৱা 24 ঘন্টাত পাকিস্তানত COVID-19 ত আক্ৰান্ত হৈ 17 জনকৈ লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ ফলত বৰ্তমানলৈকে পাকিস্তানত মৃত্যু হোৱা লোকৰ সংখ্যা 209 জন হৈছে ৷