ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ জুলাই: প্ৰভুত্ব বিস্তাৰৰ যুঁজত ৰক্তাক্ত হৈছে আফগানিস্তানৰ ভূমি । আফগান সেনা আৰু তালিবানী সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষই দেশখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । নিৰাপত্তাহীনতাত ভূগিছে তালিবানে সঘনাই আক্ৰমণ কৰা অঞ্চলৰ ৰাইজে । প্ৰায় ২০ বছৰ ধৰি অব্যাহত থকা এনে অশান্ত পৰিস্থিতিৰ অৱসান ঘটোৱাৰ উদ্দেশ্য পুনৰ শান্তি আলোচনাত মিলিত হোৱাৰ বাবে সিদ্ধান্ত লৈছে আফগানিস্তান চৰকাৰ (Afghanistan government) আৰু তালিবানে (Taliban) । অহা আগষ্ট মাহত দুয়োপক্ষৰ প্ৰতিনিধিৰ দলে মিলিত হ'ব আলোচনাত ।
উল্লেখ্য যে, ইতিমধ্যে কাটাৰত আফগান সেনা আৰু তালিবানৰ মাজত প্ৰথমখন শান্তি আলোচনা অনুষ্ঠিত হৈছে । প্ৰথমখন বৈঠকতে দুয়ো পক্ষই আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হৈছিল । কিন্তু আলোচনাৰ মজিয়ালৈ অহাৰ পিছতো যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিব পৰা নগ'ল ।
সংবাদ গোষ্ঠী টি অ' এল অ'ৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰই সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ প্ৰতি লক্ষ্য ৰাখি শান্তি আলোচনাৰ আয়োজন কৰা হৈছে ৷ যাতে, এই বৈঠকৰ জৰিয়তে আফগান সেনা আৰু তালিবানে যুদ্ধৰ পৰিৱৰ্তে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব পাৰে । আমেৰিকা যুক্তৰাষ্ট্ৰই ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ।
লগতে পঢ়ক- আফগানিস্তানৰ 31 খন প্ৰদেশত নৈশ সান্ধ্য আইন জাৰি
তালিবানৰ প্ৰাক্তন কমাণ্ডাৰ চৈয়দ আকবৰ আঘাই কয় যে, এইবাৰ কৰ্তৃত্বশীল প্ৰতিনিধিৰ দল বৈঠকত উপস্থিত থাকিলে সহায়ক হ'ব । অন্যথা আলোচনাৰ ফলাফল আশা কৰা ধৰণে নহ'ব বুলি তেওঁ মন্তব্য কৰে । ইফালে, বৰ্তমানেও আফগানিস্তানত তালিবান আৰু চৰকাৰী পক্ষৰ মাজত সংঘৰ্ষ অব্যাহত আছে । তালিবানে দেশখনৰ ৮৫ শতাংশ দখল কৰিছে বুলি দাবী উত্থাপন কৰি আহিছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰ মধ্য কামাণ্ডৰ মুৰব্বী জেনেৰেল কেন্নেথ মেকেঞ্জিয়ে দেওবাৰে প্ৰকাশ কৰে যে, ৱাশ্বিংটনে তালিবানৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বিমান আক্ৰমণৰ জৰিয়তে আফগান নিৰাপত্তা বাহিনীক সমৰ্থন আগবঢ়াই যাব । তেওঁ লগতে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই বিগত কেইবাদিনো ধৰি বিমান আক্ৰমণ বৃদ্ধি কৰিছে আৰু যদি তালিবানে আক্ৰমণ অব্যাহত ৰাখে তেন্তে অহা সপ্তাহতো এই আমেৰিকাই বিমানেৰে আক্ৰমণ অব্যাহত ৰাখিবলৈ প্ৰস্তুত আছে । ইফালে, ৰাষ্ট্ৰীয় সমন্বয়ৰ উচ্চ পৰিষদৰ মুৰব্বী আব্দুল্লাহ আব্দুল্লাই শেহতীয়া এক সাক্ষাৎকাৰত কয় যে, আফগানিস্তানত অব্যাহত থকা এই সংঘৰ্ষৰ কোনো সামৰিক সমাধান নাই ।
যুদ্ধ অব্যাহত ৰখাতকৈ শান্তিপূৰ্ণভাৱে মীমাংসা কৰাটোৱেই ভাল বিকল্প আৰু চৰকাৰে এই প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ মন্তব্য কৰে । আনহাতে, বৰ্তমান দেশখনৰ ৩১ খন প্ৰদেশত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে । বিগত দিনবোৰত বহু তালিবানী সন্ত্ৰাসবাদীৰ লগতে সেনা জোৱানেও এই সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে । লগতে তালিবানৰ আক্ৰমণ অধিক হৈ থকা অঞ্চলৰ নাগৰিকে তেওঁলোকক নিৰাপদ স্থানলৈ স্থানান্তিৰত কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে ।