ETV Bharat / international

নেপালৰ সংসদ ভংগৰ প্ৰস্তাৱক অনুমোদন ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ

author img

By

Published : Dec 20, 2020, 8:39 PM IST

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেওবাৰে পুৱাই নেপালৰ সংসদ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ কেবিনেটৰ বৈঠকৰ আয়োজন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

Nepal President ratifies proposal to dissolve Parliament, announces dates for polls next year
নেপালৰ সংসদ ভংগৰ প্ৰস্তাৱক অনুমোদন জনালে ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে

নিউজ ডেস্ক, 20 ডিচেম্বৰ : নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেওবাৰে নিজৰ প্ৰতিদন্দী সকলক আচৰিত কৰি সংসদ ভংগ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ৷ এই প্ৰস্তাৱে ইতিমধ্যে ৰাষ্ট্ৰপতিৰো অনুমোদনো লাভ কৰে ৷ ৰাষ্ট্ৰপতিয়ে 2021 বৰ্ষৰ 30 এপ্ৰিল আৰু 10 মে‘ত মধ্যৱৰ্তীকালীন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে ৷ ইয়াৰ পাছতে নেপালত নতুন চৰকাৰ গঠন কৰা হ‘ব ৷

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেওবাৰে পুৱাই নেপালৰ সংসদ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ কেবিনেটৰ বৈঠকৰ আয়োজন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ পাছতে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ লগ কৰিবলৈ শীতল নিবাসত উপস্থিত হয় ৷ প্ৰধানমন্ত্ৰী অলিয়ে সংসদ ভংগ কৰাৰ প্ৰস্তাৱ ৰাষ্ট্ৰপতিলৈ আগবঢ়ায় ৷ ইয়াৰ পাছতে ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ কৰি মধ্যৱৰ্তী নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে ৷

নেপালী সংসদক ভংগ কৰাৰ বাবে ৰাষ্ট্ৰপতিক প্ৰস্তাৱ আগবঢ়োৱাৰ পাছতে নেপালৰ ৰাজধানী কাঠমাণ্ডুত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ কাঠমাণ্ডুৰ বিভিন্ন স্থানত এতিয়া আৰক্ষীৰ দল মোতায়ন কৰা হৈছে ৷

উল্লেখ্য যে, নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিয়ে নিজৰেই দলত বিৰোধৰ সন্মুখীন হ‘বলগীয়া হৈছিল ৷ তেওঁৰ বিৰুদ্ধে একপক্ষীয়ভাৱে চৰকাৰ আৰু দল চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷

সংবিধান বিশেষজ্ঞ সকলৰ মতে, নেপালৰ নতুন সংবিধানত সদন ভংগ কৰাক লৈ কোনো স্পষ্ট নিৰ্দেশনা উল্লেখ নাই ৷ প্ৰধানমন্ত্ৰীৰ পদক্ষেপ অসাংবিধানিক আৰু ইয়াক আদালতত প্ৰত্যাহ্বান জনাব পৰা যাব ৷

লগতে পঢ়ক: কাবুলত কাৰ বোমা বিস্ফোৰণ : নিহত 8, আহত 15

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.