ETV Bharat / international

নেপালৰ ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচনত বৃহৎ জয় ‘নেপাল কমিউনিষ্ট পাৰ্টীৰ’

author img

By

Published : Jan 24, 2020, 10:12 PM IST

16 খন আসন লাভেৰে নেপালৰ উচ্চ সদনৰ ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচনত বৃহৎ জয় নেপাল কমিউনিষ্ট পাৰ্টীৰ ৷ 18 টা আসনৰ বাবে যোৱা 23 জানুৱাৰীত অনুষ্ঠিত হৈছিল ভোটদান ৷

ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচনত বৃহৎ জয় নেপাল কমিউনিষ্ট পাৰ্টীৰ

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 24 জানুৱাৰীঃ ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচনত শাসক দল নেপাল কমিউনিষ্ট পাৰ্টীৰ বৃহৎ জয় লাভ ৷ 18 খন আসনৰ 16 খনত গাদি দখল শাসকীয় পক্ষৰ ৷ আনহাতে কেৱল 2 খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় ৰাষ্ট্ৰীয় জনতা পাৰ্টি নেপালে ৷ শুকুৰবাৰে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই কথা সদৰি কৰে নেপাল সংবাদকৰ্মীয়ে ৷

নেপালৰ উচ্চ সদনৰ 18 গৰাকী সদস্যৰ কাৰ্যকাল অহা 3 মাৰ্চত সমাপ্ত হোৱাৰ বাবেই এই নিৰ্বাচন অনুষ্ঠিত কৰা হয় ৷ ৰাষ্ট্ৰখনৰ সাঁতটা প্ৰান্তৰ 18 টা আসনৰ বাবে যোৱা 23 জানুৱাৰীত ভোটদান গ্ৰহণ কৰা হৈছিল ৷

এই নিৰ্বাচনত নেপাল কমিউনিষ্ট পাৰ্টীয়ে বৃহৎ জয় লাভ কৰাৰ বিপৰীতে নেপালী কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে এখনো আসন লাভ কৰাত ব্যৰ্থ হয় ৷ কেৱল দুখন আসন লাভ কৰে ৰাষ্ট্ৰীয় জনতা পাৰ্টি নেপালে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.