ETV Bharat / bharat

৭৪ বছৰীয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - Narendra Modi Birthday - NARENDRA MODI BIRTHDAY

Modi Birthday: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত বিভিন্নজনে শুভেচ্ছা জনাইছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক উচ্চ প্ৰশংসা কৰিছে । বলুকা শিল্পী সুদৰ্শন পাটনায়কেও জনালে বিশেষ শুভেচ্ছা ।

Narendra Modi Birthday
৭৪ বছৰীয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI)
author img

By ANI

Published : Sep 17, 2024, 9:54 AM IST

নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ : আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন । প্ৰধানমন্ত্ৰীৰ ৭৪ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছা বাৰ্তা অহা দেখা গৈছে ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জনায় । তেওঁ এক্সৰ এটা পোষ্টত লিখিছে, "মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, দূৰদৰ্শী নেতা আৰু মহান পুত্ৰক জন্মদিনৰ শুভেচ্ছা জনাইছো । শক্তিশালী, সমৃদ্ধ ভাৰতৰ বাবে আপোনাৰ দৃষ্টিভংগী প্ৰতিগৰাকী লোকৰ হৃদয়তে প্ৰতিধ্বনিত হয় । ভাৰতৰ উন্নয়নৰ লগতে প্ৰজন্মক অনুপ্ৰাণিত কৰা আপোনাৰ ডাইনেমিক নেতৃত্ব আৰু অটল নিষ্ঠা অব্যাহত থাকক !"

  • একনাথ সিন্দেৰ শুভেচ্ছা বাৰ্তা

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মোৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা । মই তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে এক অৰ্থনৈতিক মহাশক্তি হোৱাৰ দিশে আগবাঢ়িছে, মই তেওঁক ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ সংকল্প পূৰণ কৰাৰ শক্তি কামনা কৰিছো । মহাৰাষ্ট্ৰই দেশখনক ৫ ট্ৰিলিয়ন অৰ্থনীতি কৰাৰ প্ৰধানমন্ত্ৰী মোদীৰ সংকল্প পূৰণ কৰিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা চলাই আছে । মই ক'ব বিচাৰো যে একবিংশ শতিকা হৈছে ভাৰতৰ শতক কাৰণ দেশৰ অধিনায়ক হৈছে প্ৰধানমন্ত্ৰী মোদী । মই তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছো ।"

বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ বিশেষ অনুৰোধ

ওড়িশাৰ জনপ্ৰিয় বলুকা শিল্পী সুদৰ্শন পাটনায়কেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জনাইছে । এক্সৰ পোষ্টত তেওঁ লিখিছে, "মহাপ্ৰভুৰ আশীৰ্বাদ সদায় আপোনাৰ সৈতে থাকক আৰু আপোনাৰ বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হওঁক । শুভ জন্মদিন, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ।" তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীক এক বলুকা শিল্পও উৎসৰ্গা কৰিছে । তেওঁ লিখিছে,"অনুগ্ৰহ কৰি নতুন দিল্লীত এই বলুকা শিল্প কলা স্থাপনৰ জৰিয়তে মোৰ শুভকামনা গ্ৰহণ কৰক । জয় জগন্নাথ !"

প্ৰধানমন্ত্ৰীৰ ভুৱনেশ্বৰ ভ্ৰমণ

উল্লেখ্য যে জন্মদিনৰ বিশেষ ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভুৱনেশ্বৰৰ গদাকানাত ২৬ লাখ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ উন্মোচন কৰিব । ভুৱনেশ্বৰৰ আৰক্ষী আয়ুক্ত সঞ্জীৱ পাণ্ডাৰ মতে, ভুৱনেশ্বৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে ভুৱনেশ্বৰৰ সৈনিক স্কুলৰ সমীপৰ গদাকানা বস্তি অঞ্চললৈ যাব । তাত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী আৱাসৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ কথা আছে । প্ৰধানমন্ত্ৰীয়ে তাৰ পিচত জনতা ময়দানলৈ যাব, য'ত তেওঁ সুভদ্ৰ যোজনাৰ শুভাৰম্ভ কৰিব ।

লগতে পঢ়ক :কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? - Arvind Kejriwal resignation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.