ETV Bharat / international

নিজকে 'প্ৰধানমন্ত্ৰী' বুলি ঘোষণা কৰিলে ম্যানমাৰৰ সামৰিক নেতা মিন আং হ্লাইঙে

author img

By

Published : Aug 2, 2021, 4:17 PM IST

নিৰ্বাচিত হৈ শাসনলৈ অহা চৰকাৰৰ পৰা ক্ষমতা দখল কৰাৰ ৬ মাহৰ পাছত দেওবাৰে নিজকে নিজে 'প্ৰধানমন্ত্ৰী' বুলি ঘোষণা কৰিলে ম্যানমাৰ(Myanmar)ৰ সামৰিক নেতা মিন আং হ্লাইঙে(Min Aung Hlaing) । দেশখনত বলৱৎ হৈ থকা জৰুৰীকালীন অৱস্থাৰ সময়সীমা সম্প্ৰসাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত দুবছৰৰ বাবে মিন আং হ্লাইঙে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ পৰিকল্পনা কৰিছে । ২ বছৰৰ ভিতৰতে ম্যানমাৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলিও তেওঁ জানিবলৈ দিছে ।

Myanmar military leader declares himself prime minister
নিজকে নিজে প্ৰধানমন্ত্ৰী বুলি ঘোষণা কৰিলে ম্যানমাৰৰ সামৰিক নেতা মিন আং হ্লাইঙে

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ আগষ্ট: যোৱা ১ ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থানৰ পাছতে ম্যানমাৰ(Myanmar)ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো ক্ষেত্ৰৰে দৃশ্যপট সলনি হৈছে । আং চান চ্যু কীৰ চৰকাৰক ক্ষমতাচ্যুত কৰি ৬ মাহ ধৰি সামৰিক বাহিনীয়ে শাসন কৰিছে ম্যানমাৰত । এইবাৰ নিজেই প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিবলৈ আগবাঢ়িছে ম্যানমাৰ(Myanmar)ৰ সামৰিক নেতা মিন আং হ্লাইঙে(Min Aung Hlaing) । দ্য হিলৰে প্ৰকাশ কৰা বাতৰি অনুসৰি, দেওবাৰে তেওঁ নিজকে নিজে 'প্ৰধানমন্ত্ৰী' বুলি ঘোষণা কৰিছে ।

দেশখনত বলৱৎ হৈ থকা জৰুৰীকালীন অৱস্থাৰ সময়সীমা সম্প্ৰসাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত দুবছৰৰ বাবে মিন আং হ্লাইঙে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ পৰিকল্পনা কৰিছে । ২ বছৰৰ ভিতৰতে ম্যানমাৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলিও তেওঁ জানিবলৈ দিছে । তেওঁ ভাষণ প্ৰসংগত দেশৰ ৰাজনৈতিক সমস্যাৰ সমাধান বিচাৰি দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰে । তেওঁ কয় যে, দেশত মুক্ত আৰু নিৰপেক্ষ বহুদলীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সুস্থিৰ পৰিস্থিতি সৃষ্টি কৰিব লাগিব ।

ইয়াৰ বাবে প্ৰস্তুতি চলাব লাগিব বুলিও তেওঁ মন্তব্য কৰে । বহুদলীয় সাধাৰণ নিৰ্বাচন সফলভাৱে সুচাৰুৰূপে অনুষ্ঠিত কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে । হ্লাইঙে কয় যে, সামৰিক কৰ্তৃপক্ষই ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত জৰুৰীকালীন অৱস্থাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিব ।

যোৱা ১ ফেব্ৰুৱাৰীত নিৰ্বাচিত হৈ শাসনলৈ অহা আং চান চ্যু কী চৰকাৰক ক্ষমতাচ্যুত কৰিছিল সামৰিক বাহিনীয়ে আৰু জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল । সামৰিক বাহিনীয়ে অভিযোগ উত্থাপন কৰিছিল যে, শেহতীয়া নিৰ্বাচনত আং চান চ্যু কীয়ে ভোটাৰক প্ৰৱঞ্চনা কৰি বিজয়ী হৈছিল । কিন্তু সামৰিক বাহিনীৰ ওচৰত এই সন্দৰ্ভত কোনো বিশ্বাসযোগ্য প্ৰমাণ নাই । তেতিয়াৰে পৰা আং চান চ্যু কীৰ বিৰুদ্ধে একাধিক অপৰাধৰ অভিযোগ আৰোপ কৰা হৈছে ।

অবৈধভাৱে ৱাকি-টকী ৰেডিঅ' মজুত ৰখা আৰু ক'ভিড-১৯ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে । সামৰিক বাহিনীৰ চৰকাৰে যোৱা মঙলবাৰে আনুষ্ঠানিকভাৱে পূৰ্বৰ নিৰ্বাচনৰ ফলাফল বাতিল কৰে আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব ল'বলৈ এক নতুন নিৰ্বাচনী আয়োগ গঠন কৰে । সামৰিক অভ্যুত্থানৰ পাছতে ম্যানমাৰত প্ৰতিবাদৰ জোৱাৰ উঠিছিল । অতি কঠোৰভাৱে সামৰিক বাহিনীয়ে এই প্ৰতিবাদ দমন কৰিছিল ।

প্ৰতিবাদকাৰীলৈ গোলা-বাৰুদ দলিয়াবলৈও কুণ্ঠাবোধ কৰা নাছিল । এছিছটেন্স এছ'চিয়েছন অৱ পলিটিকেল প্ৰিজনাৰ্ছৰ তথ্য মতে, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা সামৰিক কৰ্তৃপক্ষই ৯৩৯ জন লোকক হত্যা কৰিছে । নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে সংঘৰ্ষ বৃ্দ্ধি হোৱাৰ ফলত আহতৰ সংখ্যাও বৃদ্ধি পাইছে ।

ম্যানমাৰৰ বাবে এজন বিশেষ দূত নিযুক্ত কৰাৰ বাবে জাকাৰ্টাত এপ্ৰিল মাহত অনুষ্ঠিত সন্মিলনত স্বাক্ষৰিত চুক্তিৰ পিছত সামৰিক চৰকাৰ আৰু বিৰোধীসকলৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰ বাবে এছ'চিয়েছন অৱ ছাউথইষ্ট এছিয়ান নেশ্যন মধ্যস্থতাকাৰী হৈ পৰিছে । অৱশ্যে বিভিন্ন কাৰণত এতিয়াও দূতজনৰ নাম নিশ্চিত কৰা হোৱা নাই । ম্যানমাৰত ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে আৰু স্বাস্থ্য খণ্ডৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে ।

অক্সিজেন বিক্ৰীৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰাৰ বিষয়ক বহু অভিযোগ উত্থাপিত হৈছে । সামৰিক বাহিনীয়ে কেৱল তেওঁলোকৰ চৰকাৰৰ সমৰ্থক আৰু সামৰিক বাহিনী পৰিচালিত চিকিৎসালয় সমূহকহে অক্সিজেন যোগান দিছে বুলি অভিযোগ উত্থাপিত হৈছে । নানা অভিযোগৰ পিছতো নিজৰ স্থিতিতে অটল আছে সামৰিক বাহিনীয়ে ।

লগতে পঢ়ক:হামাচৰ আগ্নেয় বেলুন আক্ৰমণৰ প্ৰত্যুত্তৰত গাজাত পুনৰ আক্ৰমণ ইজৰাইলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.