ETV Bharat / international

COVID-19: ৰমজান মাহত খোলা থাকিব পাকিস্তানৰ মছজিদ! - ৰমজান মাহ

পবিত্ৰ ৰমজান মাহত খোলা থাকিব পাকিস্তানৰ মছজিদ । চৰকাৰে বান্ধি দিয়া কঠোৰ নীতি নিৰ্দেশ মানিহে মছজিদত নামাজ পঢ়িব পাৰিব বুলি শনিবাৰে মন্তব্য কৰে পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ অল্বীয়ে ।

পাকিস্তান
COVID-19: ৰমজান মাহত খোলা থাকিব পাকিস্তানৰ মছজিদ!
author img

By

Published : Apr 18, 2020, 11:39 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ পাকিস্তানত পবিত্ৰ ৰমজান মাহত খোলা থাকিব মছজিদ । কিছু বিশেষ চৰ্ত সাপেক্ষে মছজিদ খোলা থাকিব বুলি শনিবাৰে সদৰী কৰে পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে ।

পাকিস্তান
COVID-19: ৰমজান মাহত খোলা থাকিব পাকিস্তানৰ মছজিদ!

শনিবাৰে পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ অল্বীয়ে কয় যে, পবিত্ৰ ৰমজানৰ বাবেই দেশখনৰ মছজিদ খোলা থাকিব । কিন্তু চৰকাৰে বান্ধি দিয়া কঠোৰ নীতি-নিয়মৰ জৰিয়তেহে নামাজ পঢ়িবলৈ অনুমতি প্ৰদান কৰিব জনসাধাৰণক ।

ৰমজান মাহত মছজিদ খোলা ৰখাৰ সন্দৰ্ভত শনিবাৰে ৰাষ্ট্ৰপতিয়ে শীৰ্ষ ধৰ্মগুৰুসকলৰ লগত বৈঠক অনুষ্ঠিত কৰে । লগতে বিষয় সন্দৰ্ভত দেশখনৰ অন্য কেইবাগৰাকীও নেতাৰ লগত বাৰ্তালাপ কৰে বুলি সদৰী কৰে আৰিফ অল্বীয়ে ।

উল্লেখ্য যে, শুকুৰবাৰ তথা ২৪ এপ্ৰিলৰ পৰা চন্দ্ৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি ৰমজান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, পাকিস্তানত বৰ্তমান পৰ্যন্ত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৭,৫১৬ জন । আনহাতে, ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৪৩ জন লোকৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.