ETV Bharat / international

শ্ৰীলংকাত অগ্নিদগ্ধ জাহাজ: মৃত্যু বহু সামুদ্ৰিক জীৱৰ

২০ মে'ত কলম্বো বন্দৰৰ (Colombo port)লৈ যাত্ৰা কৰাৰ সময়তে এক্স-প্ৰেছ পাৰ্ল জাহাজ সাগৰৰ মাজতে অগ্নিদগ্ধ হৈছিল । ইয়াৰ পিছতে শ্ৰীলংকাৰ পশ্চিম উপকূলত পাঁচটা ডলফিন (Dolphin) আৰু ৩১ টা সাগৰীয় কাছৰ (sea turtles) মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

container ship
শ্ৰীলংকাত অগ্নিদগ্ধ জাহাজ
author img

By

Published : Jun 16, 2021, 8:12 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ জুন : শ্ৰীলংকাৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগে জনোৱা মতে কলম্বো বন্দৰৰ ওচৰৰ সাগৰত এক্স-প্ৰেছ পাৰ্ল কাৰ্গো জাহাজ জ্বলি যোৱাৰ পিছতে শ্ৰীলংকাৰ পশ্চিম উপকূলত পাঁচটা ডলফিন (Dolphin) আৰু ৩১ টা সাগৰীয় কাছৰ (sea turtles) মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

বন্যপ্ৰাণী বিভাগৰ সঞ্চালক প্ৰধান চন্দনা সূৰিয়াবান্দাৰাই কোৱা মতে মৃত কাছবোৰৰ নমুনা অধিক অনুসন্ধান বাবে চৰকাৰী বিশ্লেষকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে । চৰকাৰী বিশ্লেষক বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে সম্পূৰ্ণ অনুসন্ধানৰ বাবে এটা বিশেষ দল নিয়োগ কৰা হৈছে । এক্স-প্ৰেছ পাৰ্ল জাহাজখন (X-Press Pearl ship) ছিংগাপুৰত পঞ্জীয়ন কৰা হৈছিল আৰু ১৫ মে'ত ভাৰতৰ হাজিৰা বন্দৰৰ পৰা ২৫ টন নাইট্ৰিক এচিড আৰু আন কেইবাটাও ৰাসায়নিক পদাৰ্থ আৰু প্ৰসাধন সামগ্ৰীৰ সৈতে ১,৪৮৬ টা কন্টেইনাৰ কঢ়িয়াই লৈ গৈছিল।

২০ মে'ত কলম্বো বন্দৰৰ (Colombo port)লৈ যাত্ৰা কৰাৰ সময়তে জাহাজখনত জুইৰ সূত্ৰপাত হৈছিল । শ্ৰীলংকাৰ নৌসেনাই জুই নিয়ন্ত্ৰণৰ বাবে বিশেষ জাহাজ প্ৰেৰণ কৰিছিল । সামুদ্ৰিক পৰিৱেশ সুৰক্ষা কৰ্তৃপক্ষই কোৱা মতে এক্স-প্ৰেছ পাৰ্ল (X-Press Pearl ship) জ্বলি যোৱাৰ বাবে সমগ্ৰ অঞ্চলটো জুইৰ কলা ধোৱাই ছানি ধৰিছিল । ইতিমধ্যে জুইৰ কাৰণৰ জানিবলৈ এক তদন্তও আৰম্ভ হৈছে ।

লগতে পঢ়ক:30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.