ETV Bharat / international

কাবুল : কিছুদিন পূৰ্বে অপহৃত ভাৰতীয় ব্যৱসায়ীক মুকলি - কাবুলত অপহৃত ভাৰতীয় ব্যৱসায়ীক মুকলি

কাবুলত অপহৃত ভাৰতীয় ব্যৱসায়ীক মুকলি ৷ 14 ছেপ্টেম্বৰত অপহৃত ভাৰতীয় ব্যৱসায়ী Bansari Lal Arendahক মুকলি কৰি দিয়া হৈছে ৷ ইণ্ডিয়ান ৱৰ্ল্ড ফ'ৰামৰ (Indian World Forum) সভাপতি পুনিত সিং চান্ধোকে(Puneet Singh Chandhok) সদৰী কৰিছে এই কথা ৷

Indian national abducted a few weeks ago, released
অপহৃত ভাৰতীয় ব্যৱসায়ীক মুকলি
author img

By

Published : Oct 1, 2021, 7:26 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১ অক্টোবৰ : বিগত ১৪ ছেপ্টেম্বৰত অচিনাক্ত লোকে অপহৰণ কৰিছিল কাবুলত থকা এগৰাকী ভাৰতীয় ব্যৱসায়ীক । ভাৰতীয় ব্যৱসায়ী Bansari Lal Arendah ৰ অপহৰণক লৈ দেশত ব্যাপক চৰ্চা চলি থকাৰ মাজতে আহিছে এটা ভাল খবৰ । অপহৰণকাৰীয়ে মুকলি দিলে অপহৃত ভাৰতীয় ব্যৱসায়ীগৰাকীক ।

ইণ্ডিয়ান ৱৰ্ল্ড ফ'ৰামৰ (Indian World Forum) সভাপতি পুনিত সিং চান্ধোকে(Puneet Singh Chandhok) বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে । পুনীত সিং চান্ধোকে জানিবলৈ দিয়া মতে, ৫০ বছৰীয়া Bansari Lal Arendah ক ১৪ ছেপ্টেম্বৰত অপহৰণ কৰা হৈছিল আৰু সম্প্ৰতি তেওঁক মুকলি কৰি দিছে অপহৰণকাৰীয়ে । বৰ্তমান Bansari Lal তেওঁৰ জ্যেষ্ঠ ভাতৃ অশোক লালৰ সৈতে আছে ।

পুনিত সিঙে জনোৱা মতে, Bansari Lal ফাৰ্মাচিউটিকেল সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত । তেওঁৰ পৰিয়াল নতুন দিল্লীত থাকে । নিতৌ যোৱাৰ দৰে ১৪ ছেপ্টেম্বৰৰ পুৱাও কৰ্মচাৰীসকলৰ সৈতে দোকানলৈ গৈ আছিল ব্যৱসায়ীগৰাকী ৷ কিন্তু, সেই সময়তে অপহৰণ কৰা হৈছিল ব্যৱসায়ীগৰাকীক ।

অপহৰণ হোৱাৰ পাচতে চান্ধোকে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ক (Ministry of External Affairs) এই বিষয়ে অৱগত কৰিছিল আৰু মন্ত্ৰণালয়ক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়েও বিষয়টো গুৰুত্ব সহকাৰে লৈছিল আৰু সংশ্লিষ্ট সকলোৰে সৈতে যোগাযোগ কৰিছিল ।

লগতে পঢ়ক : আফগানিস্তানত আল-কায়দা বা ISIS ৰ পুনৰ গঠনৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.