ETV Bharat / international

কৰ'ণাতংক : জাপানত আপাতকালীন অৱস্থা ঘোষণা

author img

By

Published : Apr 7, 2020, 5:05 PM IST

জাপানাত আপাতকালিন অৱস্থা ঘোষণা ৷ কৰ'ণা ভাইৰাছে তীব্ৰ ৰূপ ধাৰণ কৰা বাবে প্ৰধানমন্ত্ৰী আবেৰ ঘোষণা ৷

কৰ'ণাতংক
জাপানত আপাতকালীন অৱস্থা ঘোষণা

ইন্টাৰনেশ্যনেল ডেস্ক, 7 এপ্ৰিল : জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেই মঙলবাৰৰ পৰা জাপানৰ টকিঅ' আৰু অন্যান্য ছয় প্ৰান্তত আপাতকালীন অৱস্থা ঘোষণা কৰিছে ৷ ইয়াৰ জৰিয়তে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবৰ বাবে দেশখনে নিজকে প্ৰস্তুত কৰি তুলিছে ৷

আবেই লগতে কয় যে, জাপানত ইউৰোপিয়ান দেশৰ দৰে লকডাউন নহয় ৷ এই আপাতকালীন ঘোষণাৰ ফলত টকিঅ'ৰ ৰাজ্যপাল আৰু ছয় অন্যান্য প্ৰান্তৰ মুৰব্বী সকলে সামাজিক দূৰত্ব সুদৃঢ় কৰিবলৈ চেষ্টা কৰিব ৷ ইয়াৰ জৰিয়তে সকলো লোককে নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হ'ব ৷

কোভিড-19 ৰ সংক্ৰমণ বৰ্তমান অপ্ৰতিৰোধ্য হৈ পৰিছে ৷ ইয়াৰ ফলত বিশ্বজুৰি বহু হাজাৰ লোকৰ প্ৰাণনাশ হোৱাৰ লগতে দৈনন্দিত জীৱনত প্ৰভাৱ আৰু প্ৰায়বোৰ দেশৰে অৰ্থনীতি শোচনীয় হৈ পৰিছে ৷

আবেই ঘোষণা কৰে যে, তেওঁ 6 মে' পৰ্যন্ত আপাতকালীন পৰিস্থিতি ঘোষণা কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.