ETV Bharat / international

ইৰাকত গণবিদ্ৰোহ : মৃতকৰ সংখ্যা 104 লৈ বৃদ্ধি

ইৰাকৰ গণবিদ্ৰোহত মৃতকৰ সংখ্যা 104 জনলৈ বৃদ্ধি পাইছে ৷ ইৰাকৰ সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দেওবাৰৰ নিশালৈকে 104 জনলৈ লোক মৃত্যু হোৱা বুলি দেশৰ সংবাদ মাধ্যমে তথ্য প্ৰদান কৰিছে ৷

ইৰাকৰ গণবিদ্ৰোহত মৃতকৰ সংখ্যা 104 লৈ বৃদ্ধি
author img

By

Published : Oct 7, 2019, 10:20 AM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 7 অক্টোবৰ : ইৰাকৰ গণবিদ্ৰোহত মৃতকৰ সংখ্যা 104 জনলৈ বৃদ্ধি পাইছে ৷ ইৰাকৰ সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দেওবাৰৰ নিশালৈকে 104 জনলৈ লোক মৃত্যু হোৱা বুলি দেশৰ সংবাদ মাধ্যমে তথ্য প্ৰদান কৰিছে ৷

ইৰাকত গণবিদ্ৰোহ

ইৰাকৰ আভ্যন্তৰীণ মন্ত্ৰণালয়ে জানিবলৈ দিয়া অনুসৰি, গণবিদ্ৰোহ শাম নকটাৰ ফলত পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ৷ বাঘদাদৰ নাছিৰিয়াত নতুনকৈ 36 জন লোক আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ ইয়াৰোপৰি, বহুসংখ্যক লোকক আটকাধীন কৰা হৈছে ৷

মাহদী চৰকাৰৰ শাসনকালত সংঘটিত হোৱা সৰ্ববৃহৎ গণবিদ্ৰোহ হিচাপে পৰিগণিত হৈছে এই বিদ্ৰোহ ৷ দুৰ্নীতিৰ লগতে নিৱনুৱা সমস্যা, সাধাৰণ নাগৰিকৰ দৈনিক জীৱন-যাপন, অস্থায়ী সেৱা ব্যৱস্থা আদি বিষয়ত বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীয়ে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.