ETV Bharat / international

চোলেইমানিৰ সন্দেহজনক হত্যাকাৰীৰ তালিকাত আমেৰিকানৰ সংখ্যা বৃদ্ধি - ইৰানৰ শীৰ্ষ সামৰিক বিষয়া কাছিম চোলেমানিৰ হত্যাৰে জড়িত সন্দেহজনক লোকৰ তালিকা

ইৰানৰ শীৰ্ষ সামৰিক বিষয়া কাছিম চোলেমানিৰ হত্যাকাৰীৰ তালিকাত সন্দেহজনক হত্যাকাৰীৰ সংখ্যা 45 ৰ পৰা 48 গৰাকীলৈ বৃদ্ধি ৷ সন্দেহজনক আমেৰিকান ব্যক্তিৰ নাম সন্নিৱিষ্ট এই তালিকা প্ৰকাশ তেহৰানৰ ৷ সন্দেহজনক হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে ছখন দেশত ইৰানৰ ৱাৰেন্ট ৷

List of US suspects in Soleimani's killing
চোলেইমানিৰ সন্দেহজনক হত্যাকাৰীৰ তালিকাত আমেৰিকানৰ সংখ্যা বৃদ্ধি
author img

By

Published : Dec 28, 2020, 1:40 PM IST

নেচনেল ডেস্ক, 28 নৱেম্বৰ: ইৰানৰ শীৰ্ষ সামৰিক বিষয়া কাছিম চোলেমানিৰ হত্যাৰে জড়িত সন্দেহজনক লোকৰ তালিকাত আৰু অধিক আমেৰিকানৰ নাম সন্নিৱিষ্ট কৰি ইৰানে চোলেমানিৰ সন্দেহজনক হত্যাকাৰীৰ তালিক খন আৰু অধিক দীঘল কৰিছে ৷ জানিব পৰা মতে চোলেমানিৰ হত্যাৰে সৈতে জড়িত মূল অভিযুক্তৰ তালিকাখনত সন্দেহজনক হত্যাকাৰীৰ সংখ্যা 45 ৰ পৰা 48 গৰাকীলৈ বৃদ্ধি হৈছে ৷

শীৰ্ষ সামৰিক বিষয়া কাছিম চোলেমানিৰ হত্যাকাণ্ড সন্দৰ্ভত চলি থকা আইনী প্ৰক্ৰিয়া সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সংসদৰ বক্তাৰ জেষ্ঠ বৈদেশিক উপদেষ্টা হুছেইন আমিৰ আব্দুলাহিয়ানে শীঘ্ৰে আদালতৰ ৰায়ৰ বাবে অপেক্ষা কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে অভিযুক্তক আটক কৰাৰ বাবে ইৰানে ছখন দেশত ৱাৰেন্ট জাৰি কৰিছে ৷ তেওঁ লগতে এইবুলিও মন্তব্য কৰে যে বৰ্তমানেও ইৰান কৰ্তৃপক্ষই এক কঠোৰ প্ৰতিশোধৰ এজেণ্ডা হাতত লৈ আছে ৷

চলিত বৰ্ষৰ 3 জানুৱাৰীত বাগদাদৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মাৰ্কিন সেনাই চলোৱা এয়াৰ ষ্ট্ৰাইকত চোলেমানিৰ মৃত্যু হৈছিল আৰু 29 জুন তাৰিখে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত সংযুক্ত ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু সামৰিক বিষয়াক গ্ৰেপ্তাৰ কৰাৰ বাবে এক গোচৰ ৰুজু কৰা হৈছিল ৷

লগতে পঢ়ক:ৰিম’টযুক্ত Yaogan-33 উপগ্ৰহ মুকলি চীনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.