ETV Bharat / international

ট্ৰাম্পৰ অনুৰোধৰ পাচতো মল্লযুঁজাৰুক মৃত্যুদণ্ডৰে দণ্ডিত ইৰানৰ - হত্যাৰ অপৰাধত দোষী সাব্য়স্ত কৰি মৃত্যুদণ্ড আফকাৰীক

ট্ৰাম্পৰ অনুৰোধৰ পাচতো ইৰানে মৃত্যুদণ্ড দিলে এজন মল্লযুঁজাৰুক ৷ 27 বৰ্ষীয় মল্লযুঁজাৰু গৰাকীক হত্যাৰ অপৰাধত দোষী সাব্য়স্ত কৰি মৃত্যুদণ্ড দিয়া হয় ৷

27 বৰ্ষীয় মল্লযুঁজাৰু আফকাৰী
ট্ৰাম্পৰ অনুৰোধৰ পাচতো মল্লযুঁজাৰুক মৃত্যুদণ্ডৰে দণ্ডিত ইৰানৰ
author img

By

Published : Sep 13, 2020, 6:54 AM IST

Updated : Sep 13, 2020, 7:11 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 13 ছেপ্তেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নান্ড ট্ৰাম্পৰ অনুৰোধৰ পাচতো ইৰানে মৃত্যুদণ্ড দিলে এজন মল্লযুঁজাৰুক ৷ এজন লোকক হত্যা কৰাৰ অপৰাধত দোষী সাব্য়স্ত কৰি 27 বৰ্ষীয় মল্লযুঁজাৰু গৰাকীক মৃত্যুদণ্ড দিয়া হয় ৷

ফাৰ্চৰ মুখ্য ন্যায়াধীশ কাজেম মৌচাভীয়ে শনিবাৰে জানিবলৈ দিয়ে যে, হাছান তুৰ্কমানক হত্যাৰ অপৰাধত নভিদ আফকাৰীক ছিৰাজৰ আদেলাবাদ জেলত মৃত্যুদণ্ড দিয়া হয় ৷

উল্লেখযোগ্য যে, নভিদে দুই বছৰ পূৰ্বে চৰকাৰ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ চৰকাৰৰ লক্ষ্য হৈ পৰিছিল ৷

এই সম্পৰ্কত ট্ৰাম্পে মন্তব্য কৰিছিল, "মই ইৰানৰ নেতাসকলক ধন্যবাদ জনাম যদি তেওঁলোকে নবিদক ক্ষমা কৰি দিয়ে আৰু ফাঁচীৰ সিদ্ধান্ত সলনি কৰে ৷"

নবিদক সুৰক্ষাকৰ্মীৰ মৃত্যুৰ জগৰীয়া কৰি ফাঁচী দিয়া হয় ৷ নবিদৰ উপৰি তেওঁৰ ভাতৃ ৱাহিদ আৰু হাবিবকো জেললৈ প্ৰেৰণ কৰা হয় ৷

ট্ৰাম্পে মন্তব্য কৰিছিল যে, নবিদৰ একমাত্ৰ দোষ এয়াই যে তেওঁ চৰকাৰৰ বিৰোধিতা কৰিছিল ৷ নবিদৰ উপৰি হাজাৰোধিক এথলীটৰ মৃত্যুদণ্ড প্ৰত্যাহাৰ কৰাৰ অনুৰোধ জনাইছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ৷

Last Updated : Sep 13, 2020, 7:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.