ETV Bharat / international

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ তদন্ত কৰিব ইণ্টাৰপ'লে - ইটিভি ভাৰত

ইষ্টাৰ চানডেৰ ধাৰাবাহিক বিস্ফোৰণত দেশখনত নিহত হৈছে 290 জনকৈ লোক ৷ ঘটনা সন্দৰ্ভত দেশখনৰ আৰক্ষীয়ে বৰ্তমানলৈ আটক কৰিছে 24 জনকৈ লোকক৷  দেশখনৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা অধিকাংশ লোকেই স্থানীয় আৰু ইয়াৰ সৈতে কোনো বিদেশী শক্তি জড়িত হৈ আছে নে নাই সেই বিষয়ে সোধ-পোচ অব্যাহত ৰাখিছে ৷

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ তদন্ত কৰিব ইণ্টাৰপ'লে
author img

By

Published : Apr 22, 2019, 5:12 PM IST

নিউজ ডেস্ক, 22 এপ্ৰিল : শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ তদন্তৰ বাবে আগবাঢ়ি আহিছে আন্তৰ্জাতিক আৰক্ষী সন্থা চমুকৈ ইণ্টাৰপ'ল৷ ইণ্টাৰপ'লৰ সচিব প্ৰধান জেনেৰেল জাৰ্জেন ষ্টকে জানিবলৈ দিয়ে এই তথ্য৷

দেওবাৰে ইষ্টাৰ চানডেৰ প্ৰাৰ্থনাৰ সময়তে আত্মঘাতী বোমাৰুৱে কুটাঘাত সংঘটিত কৰে শ্ৰীলংকাৰ কোচিকাৰে,চেইণ্ট চেবাষ্টিয়ান আৰু বাট্টিকালোৱা নামৰ তিনিটাকৈ গীৰ্জাঘৰত৷ এই বিস্ফোৰণৰ কিছুসময়ৰ পাচতেই চাংগ্ৰি লা, চিনেমন গ্ৰাণ্ড আৰু কিংগচবেৰী নামৰ তিনিখনকৈ অভিজাত হোটেল আৰু অৰুগুৱাট্টা আৰু দেহিৱালা নামৰ আন দুটা অঞ্চলতো কুটাঘাতকাৰীয়ে সংঘটিত কৰে বোমা বিস্ফোৰণ৷ বিস্ফোৰণৰ ফলত নিহতৰ সংখ্যা 290 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আহতৰ সংখ্যা 500লৈ বৃদ্ধি পাইছে ৷

ঘটনা সন্দৰ্ভত দেশখনৰ আৰক্ষীয়ে বৰ্তমানলৈ আটক কৰিছে 24 জনকৈ লোকক৷ দেশখনৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা অধিকাংশ লোকেই স্থানীয় আৰু ইয়াৰ সৈতে কোনো বিদেশী শক্তি জড়িত হৈ আছে নে নাই সেই বিষয়ে সোধ-পোচ অব্যাহত ৰাখিছে ৷

অৱশ্যে বিস্ফোৰণৰ 24 ঘন্টা উকলি যোৱাৰ পিচটো এতিয়ালৈকে কোনো সংগঠনে ইয়াৰ দায়িত্ব লোৱা নাই ৷ ইতিমধ্যে দেশখনৰ বিশেষ বাহিনীয়ে ৰাজধানী চহৰ কলম্বোৰ অৰুগুৱাট্টাত অভিযান চলাই বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত সাতগৰাকী লোকক আটক কৰিছে ৷

Intro:Body:

JD

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.