ETV Bharat / international

আন্তঃৰাষ্ট্ৰীয় শিশু কন্যা দিৱস : গ্ৰামাঞ্চলত এতিয়াও চলি আছে বাল্য বিবাহ

author img

By

Published : Oct 11, 2021, 2:30 PM IST

সমগ্ৰ বিশ্বতে প্ৰতিদিনে প্ৰায় 33,000 ছোৱালী বিবাহপাশত আৱদ্ধ হয় ৷ প্ৰায় 3,40,000 কিশোৰী আৰু যুৱতী প্ৰতিবছৰে HIV এইডছৰ দৰে মাৰাত্মক ব্যাধিত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় তিনি মিলিয়ন কিশোৰী আৰু যুৱতী এই ৰোগবিধৰ সৈতে সহবাস কৰি আছে ৷ তেওঁলোকে ল’ৰাৰ তুলনাত অধিক শিশু শ্ৰমৰ সন্মুখীন হয় ৷

International Day of Girl Child: Child marriages still prevalent in rural areas
আন্তঃৰাষ্ট্ৰীয় শিশু কন্যা দিৱস : গ্ৰামাঞ্চলত এতিয়াও চলি আছে বাল্য বিবাহ

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 অক্টোবৰ : আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটি প্ৰতিবছৰে 11 অক্টোবৰৰ দিনটোত উদযাপন কৰা হয় ৷ কন্যা শিশুসকলে সমগ্ৰ বিশ্বতে সন্মুখীন হৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ লগতে তেওঁলোকৰ অধিকাৰক মান্যতা প্ৰদানৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয় ৷ দিৱসটোৱে কিশোৰীসকলৰ বাবে অধিক সুযোগ মুকলি কৰিবলৈ উৎসাহিত কৰি তেওঁলোকৰ গুৰুত্ব, শক্তি আৰু সম্ভাৱনাক স্বীকাৰ কৰে |

আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটো পোন প্ৰথমবাৰৰ বাবে উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল 1995 চনত বেইজিঙত অনুষ্ঠিত World Conference on Womenত ৷ বিশ্বৰ কন্যা শিশুসকলৰ সমস্যাসমূহ বিষয়ে আলচনাৰ বাবে উত্থাপন কৰাটো প্ৰয়োজন বুলি বিবেচনা কৰা এইখনেই প্ৰথম সন্মিলন ৷ আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটো বে-চৰকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ পৰিকল্পনা হিচাপে আৰম্ভ কৰা হৈছিল ৷

সমগ্ৰ বিশ্বতে প্ৰতিদিনে প্ৰায় 33,000 ছোৱালী বিবাহপাশত আৱদ্ধ হয় ৷ প্ৰায় 3,40,000 কিশোৰী আৰু যুৱতী প্ৰতিবছৰে HIV AIDS ৰ দৰে মাৰাত্মক ব্যাধিত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় 3 মিলিয়ন কিশোৰী আৰু যুৱতী এই ৰোগবিধৰ সৈতে সহবাস কৰি আছে ৷ ছোৱালীসকল ল’ৰাৰ তুলনাত অধিক শিশু শ্ৰমৰো সন্মুখীন হয় ৷

পাঁচৰ পৰা 14 বছৰীয়া অধিকাংশ কিশোৰীয়েই প্ৰায় 28 ঘণ্টাকৈ কাম কৰে যি ল’ৰাৰ তুলনাত দুগুণ ৷ ইয়াৰ উপৰিও প্ৰায় মানৱ দেহৰ সৰবৰাহকাৰীৰ কবলত পৰা 96 শতাংশই যুৱতী-মহিলা ৷

মহিলাসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লগতে লিংগ সমতা স্থাপন হ’ল বহনক্ষম উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ মহিলা তথা কন্যা শিশুৰ বিৰুদ্ধে থকা সকলো ধৰণৰ বৈষম্য সমাপ্ত কৰাটো কেৱল মানৱ অধিকাৰেই নহয় কিন্তু ই এক আন সকলো উন্নয়ন ক্ষেত্ৰত গুণক প্ৰভাৱ পেলায় ৷ ইয়াৰ মাজতে ক’ভিড মহামাৰীয়েও যথেষ্ট প্ৰভাৱ পেলাইছে ৷

মহামাৰীৰ বাবে প্ৰায় 10 মিলিয়ন কিশোৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰা নিজৰ নাম কৰ্তন কৰিবলগীয়া হৈছে ৷ লিংগ বৈষম্যতা আৰু দৰিদ্ৰতা বৃদ্ধিয়ে মহিলাৰ শিক্ষাৰ বিষয়টোত যথেষ্ট বিপদাশংকাৰ সৃষ্টি কৰিছে ৷ যোৱা কেইটামান বছৰত ল’ৰা আৰু ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত থকা এই বৈষম্যতা কিছু হ্ৰাস পাইছিল যদিও মহামাৰীয়ে দৰিদ্ৰতা বৃদ্ধি কৰিছে, বহু লোকে চাকৰি হেৰুৱাইছে যাৰ ফলত বিশেষকৈ দুৰ্বল ছোৱালীসকলে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত পুনৰ বিপদাশংকা আহি পৰিছে ৷

লগতে পঢ়ক : বিশ্বৰ প্ৰথমটো মেলেৰিয়া ভেকছিন অনুমোদন জনালে বিশ্ব স্বাস্থ্য সংস্থাই

উল্লেখ্য যে, বিহাৰত উন্নত বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অভাৱ মানে হ’ল বিদ্যালয়লৈ যোৱাৰ বাবে যাতায়াতৰ উপযুক্ত সুবিধা নথকা ৷ বিহাৰৰ অনুন্নত অঞ্চলসমূহত চৰকাৰৰ তৰফৰ পৰা ছোৱালীসকলক বিদ্যালয়লৈ যোৱাৰ বাবে চাইকেল প্ৰদান কৰা হৈছে ৷ ইয়াৰ ফলত ৰাজ্যখনত যোৱা চাৰিটা বছৰত বিদ্যালয়ত নামভৰ্তি কৰা ছোৱালীৰ সংখ্যা 1,75,000 ৰ পৰা বৃদ্ধি হৈ 6,00,000 হয় ৷

কিন্তু এতিয়া, বিদ্যালয়সমূহ এবছৰতকৈও অধিক সময়ৰ বাবে বন্ধ হৈ আছে আৰু গ্ৰাম্য অঞ্চলৰ বিদ্যালয়বোৰ পুনৰ পঞ্জীয়ন কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে ৷ প্ৰত্যাহ্বানটো এতিয়া মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰতহে আহিছে কিয়নো কিশোৰীসকলৰ ড্ৰপ আউটৰ হাৰ প্ৰাথমিক (6.3%) তুলনাত মাধ্যমিক স্তৰত (19.8%) অধিক ।

তদুপৰি, যদিও প্ৰাথমিক বিদ্যালয়বোৰত ছোৱালীৰ মুঠ নামভৰ্তিৰ অনুপাত হৈছে 91.58% ৷ কিন্তু তেওঁলোকৰ বয়স বঢ়াৰ লগে লগে এই সংখ্যা হ্ৰাস হৈ মাধ্যমিকৰ বাবে প্ৰায় 52.57% আৰু উচ্চতৰ মাধ্যমিকৰ বাবে 31.42% হয় । সেয়েহে যদিও ছোৱালীৰ এক বৃহৎ অংশই প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰে, খুউব কং সংখ্যকে উচ্চ শ্ৰেণীত নামভৰ্তি কৰি তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰে ।

কৈশোৰাৱস্থা হ’ল 10 ৰ পৰা 19 বছৰ বয়সৰ মাজৰ সময়, যি প্ৰতিজনী ছোৱালীৰে জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় ৷ এই সময়ছোৱাত মাধ্যমিক বিদ্যালয়লৈ পৰিৱৰ্তন, শ্ৰমিক বজাৰত প্ৰৱেশ বা বিবাহৰ সিদ্ধান্তৰ দ্বাৰা চিহ্নিত । ছোৱালীবোৰে বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ, তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত একাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হয় ।

এই বাধাবোৰ হৈছে চাহিদাৰ ফাল আৰু যোগান-ফালৰ কাৰকৰ এক সংমিশ্ৰণ, যাৰ ভিতৰত আছে অৰ্থনৈতিক, ঘৰুৱা স্তৰ, বিদ্যালয়ৰ স্তৰ, আৰু সাংস্কৃতিক কাৰণ । মাধ্যমিক শিক্ষাৰ ব্যৱধানটো বন্ধ কৰিবলৈ এই গোটটোক বুজা আৰু সমৰ্থন কৰাটো গুৰুত্বপূৰ্ণ ।

ভাৰতৰ কিছুমান ৰাজ্যত বাল্য বিবাহ আৰু যৌন উৎপীড়নৰ প্ৰতিবেদন 52% লৈকে বৃদ্ধি পাইছে ৷ কিয়নো পৰিয়ালবোৰে জীৱিকা হেৰুৱাইছে আৰু সন্তানে বিশেষকৈ ছোৱালীয়ে বিদ্যালয় এৰি দিছে । তেলেংগানাত এপ্ৰিল 2020 ৰ পৰা চলিত বছৰৰ মাৰ্চৰ ভিতৰত 1,355 খন বাল্য বিবাহ বন্ধ কৰিবলৈ প্ৰশাসনে হস্তক্ষেপ কৰিছিল, যি আগৰ বছৰৰ তুলনাত 27% বৃদ্ধি পাইছে ।

লগতে পঢ়ক : বিশ্ব মানসিক স্বাস্থ্য দিৱস 2021

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.