ETV Bharat / international

ইণ্ডোনেছিয়াত ভূমিস্খলনত বিধ্বস্ত সোণৰ খনি: ৫ গৰাকী নিহত

author img

By

Published : Feb 25, 2021, 3:31 PM IST

ইণ্ডোনেছিয়াৰ ছুলাৱেছি দ্বীপত ভয়াৱহ ভূমিস্খলনত প্ৰাণ গ'ল ৫ গৰাকী মহিলাৰ । ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল দ্বীপটোত থকা এটা সোণৰ খনি । ধ্ৱংসাৱশেষৰ মাজৰ পৰা ৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । এতিয়াও ৭০ গৰাকী লোক সন্ধানহীন হৈ আছে ।

ইণ্ডোনেছিয়াত ভূমিস্খলনত বিধ্বস্ত সোণৰ খনি, ৫ গৰাকী নিহত

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী: ভয়াৱহ ভূমিস্খলনৰ ফলত তচনচ হ'ল ইণ্ডোনেছিয়াৰ ছুলাৱেছি দ্বীপত থকা এটা সোণৰ খনি । বৃহস্পতিবাৰে দুৰ্যোগ প্ৰশমন সংস্থা ডাটু পামুছু টম্ব'ল'টুটুৱে ছিনহুৱা সংবাদ গোষ্ঠীক জনোৱা মতে, ভূমিস্খলনৰ ফলত সোণৰ খনিটোত কাম কৰি থকা ৫ গৰাকী মহিলা শ্ৰমিকৰ মৃত্যু হয় । লগতে ৭০ গৰাকী লোকৰ সম্ভেদ ওলোৱা নাই । সোণৰ খনিৰ ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ আছে বহু লোক ।

বুধবাৰে পৰিগি মাউণ্টটং জিলাৰ বুৰাংগা গাঁৱত ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষতিসাধন হয় । সন্ধানহীন হৈ থকা লোকসকলৰ বেছিসংখ্যক ভূ-গৰ্ভস্থ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বিভাগীয় বিষয়াই । এতিয়াও ছুলাৱেছি দ্বীপত উদ্ধাৰ অভিযান অব্যাহত আছে ।

লগতে পঢ়ক:নাছাৰ মাৰ্চ ৰোভাৰ পেৰাছুটত গোপন বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.