ETV Bharat / international

WHO ফাউণ্ডেছনৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়াৰ পদত ভাৰতীয় মূলৰ স্বাস্থ্য বিশেষজ্ঞ

author img

By

Published : Dec 8, 2020, 9:35 AM IST

WHO ফাউণ্ডেছন হ’ল এটা স্বাধীন অনুদান প্ৰদানকাৰী সংস্থা ৷ ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত ৷ এই প্ৰতিষ্ঠানটোক বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব স্বাস্থ্য সম্প্ৰদায়ৰ সৈতে বিশ্বৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহৰ মুখামুখী হোৱাৰ বাবে 2020 চনত মুকলি কৰা হয় ৷

Indian-origin health expert Anil Soni appointed first CEO of The WHO Foundation
WHO ফাউণ্ডেছনৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়াৰ পদত ভাৰতীয় মূলৰ স্বাস্থ্য বিশেষজ্ঞ

ইন্টাৰনেশ্যনেল ডেস্ক,8 ডিচেম্বৰঃ ভাৰতীয় মূলৰ বিশ্ব স্বাস্থ্য বিশেষজ্ঞ অনিল সোনীক নতুনকৈ মুকলি কৰা WHO ফাউণ্ডেছনৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ৷ WHO ফাউণ্ডেছনে বিশ্ব স্বাস্থ্য সংস্থাৰ সমান্তৰালকৈ বিশ্বজুৰি বিভিন্ন স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সমাধান কৰাৰ বাবে কাম কৰে ৷

  • Congratulations, @_AnilSoni, on your new role as CEO of @thewhof. I am sure that your unique set of skills & experiences spanning the public & private sectors, will equip you to provide invaluable support to @WHO's mission & the billions of people who depend on it. https://t.co/U3XqlYFOL2

    — Tedros Adhanom Ghebreyesus (@DrTedros) December 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

2021 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা WHO ফাউণ্ডেছনৰ উদ্বোধনী মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব সোনীয়ে ৷ WHO ফাউণ্ডেছন হ’ল এটা স্বাধীন অনুদান প্ৰদানকাৰী সংস্থাৰ ৷ ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত ৷ এই প্ৰতিষ্ঠানটোক বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব স্বাস্থ্য সম্প্ৰদায়ৰ সৈতে বিশ্বৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহৰ মুখামুখী হোৱাৰ বাবে 2020 চনত মুকলি কৰা হয় ৷

WHO ফাউণ্ডেছনৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অনিল সোনীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ সকলোৰে বাবে সুস্থ জীৱন প্ৰদানৰ লক্ষ্যক নতুন আৰু তথ্য সন্মত পদক্ষেপেৰে গতি প্ৰদান কৰাৰ বাবে কাম কৰিব ৷ সোনীয়ে ‘ভিয়াট্ৰিছ’ নামৰ এটি বিশ্ব স্বাস্থ্যসেৱা সংস্থাৰ পৰা আহি WHO ফাউণ্ডেছনত যোগদান কৰিছে ৷ পূৰ্বৰ সংস্থাটোত তেখেত বিশ্ব সংক্ৰমণজনিত ৰোগ বিভাগৰ প্ৰমুখ হিচাপে কৰ্মৰত আছিল ৷

নিজৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক বছৰসমূহক সোনীয়ে Global Fund to Fight AIDS, টিবি আৰু মেলেৰিয়াৰ কাৰ্যবাহী বিষয়াৰ উপদেষ্টা হিচাপে 2002-2004 চনলৈ কৰ্মৰত আহিল আৰু তাৰ পিছত 2004-2005 লৈ Friends of the Global Fightৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী বিষয়াৰ পদত অধিস্থিত আছিল ৷ ইয়াৰ উপৰিও তেখেতে 2005-2010 পৰ্যন্ত Clinton Health Access Initiativeৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰিছিল ৷ তেখেতে বিল আৰু মিলাণ্ডা গেটছ ফাউণ্ডেছন আৰু MDG স্বাস্থ্য গোটৰ জ্যেষ্ঠ উপদেষ্টা আছিল ৷

অনিল সোনীৰ এই নতুন যাত্ৰাৰ বাবে তেখেতেক বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিচালক সঞ্চালক ডাঃ টেডৰোছ আধানম ঘেব্ৰীয়েছেছৰ লগতে WHO ফাউণ্ডেছন পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ প্ৰফেচৰ থমাচ যেল্টনাৰে শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক-ফ্ৰান্সৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ বাবে ভাৰতৰ সমৰ্থনৰ আশ্বাস নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.