নেচনেল ডেস্ক,3 মাৰ্চ: ভাৰত আৰু সংযুক্ত ৰাষ্ট্ৰৰ মাজৰ শক্তিশালী সম্পৰ্কই মহাত্মা গান্ধী আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ ঐতিহ্যৰ সাক্ষ্য বহন কৰিছে বুলি মন্তব্য কৰিছে ভাৰতীয় দূত অমিত কুমাৰে ৷
26 ফেব্ৰুৱাৰীত Metropolitan Asian Family Services ৰ সহযোগত কংগ্ৰেছমেন ডেনি কে ডেভিছৰ US Congressional Multi Advisory Task Force এ আয়োজন কৰা প্ৰথমখন Gandhi King Legacy Roundtable Summit (ঘূৰণীয়া মেজমেল) ত কুমাৰে এই মন্তব্য কৰে ৷
মঙলবাৰে প্ৰকাশিত এক প্ৰেছ বিবৃতি অনুসৰি বিগত সপ্তাহত চিকাগোত অনুষ্ঠিত এক সন্মিলন সম্বোধন কৰি অমিত কুমাৰে কয় যে, বিশ্বৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰৰ অধিকাৰী ভাৰত আৰু আটাইতকৈ পুৰণি গণতন্ত্ৰৰ অধিকাৰী সংযুক্ত ৰাষ্ট্ৰৰ মাজৰ শক্তিশালী সম্পৰ্কই গান্ধী আৰু লুথাৰৰ ঐতিহ্যৰ সাক্ষ্য বহন কৰিছে ৷
শেহতীয়াকৈ বিভিন্ন দেশত ভাৰতে নিজ দেশত নিৰ্মিত ক'ভিড-19 প্ৰতিষেধকৰ যোগান ধৰিছে বুলি মন্তব্য কৰি কুমাৰে লগতে এইবুলিও কয় যে, ক'ভিড-19 প্ৰতিষেধক যোগান ধৰাৰ ক্ষেত্ৰত ভাৰতে যেনেধৰণে অৰিহণা আগবঢ়াইছে সেয়া নিশ্চয়কৈ বিশ্বৰ প্ৰেক্ষাপটত মোডীৰ নেতৃত্বৰ এক উজ্বল উদাহৰণ ৷
মাৰ্টিন লুথাৰ কিং জুনিয়ৰ গান্ধীৰ এগৰাকী শিষ্য আছিল বুলি নিজৰ ভাষণত উল্লেখ কৰি কংগ্ৰেছমেন ডেনি কে ডেভিছে কয় যে, মাৰ্টিন লুথাৰ কিং জুনিয়ৰে গান্ধীৰ বহু শিক্ষাৰ অনুশীলন কৰিছিল, সেয়ে এইটো আমাৰ বাবে প্ৰয়োজনীয় যে, আমাৰ নিৰ্বাচিত নেতাসকলে চিকাগো তথা বাহিৰত আফ্ৰিকান আৰু ভাৰতীয় সম্প্ৰদায়ৰ মাজত একে সম্পৰ্ক সমৃদ্ধিশালী কৰি তোলে ৷