ETV Bharat / international

Resume Commercial Flight : শীঘ্ৰেই আৰম্ভ হ'ব ভাৰত আৰু ছিংগাপুৰৰ মাজত বিমান সেৱা

author img

By

Published : Nov 18, 2021, 9:26 PM IST

শীঘ্ৰেই পুনৰ আৰম্ভ হোৱাৰ দিশে ভাৰত আৰু ছিংগাপুৰৰ মাজত বিমান সেৱা ৷ 29 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব এই বিমান সেৱা ৷ বন্দে ভাৰত অভিযানৰ অধীনত এয়াৰ ইণ্ডিয়াৰ জৰিয়তে পুনৰ আৰম্ভ এই বিমান সেৱা ৷

india-singapore-in-talks-to-resume-commercial-flights-soon
শীঘ্ৰেই আৰম্ভ হ'ব ভাৰত আৰু ছিংগাপুৰৰ মাজত বিমান সেৱা

ইন্টাৰনেশ্বনেল ডেস্ক, 18 নৱেম্বৰ: আপুনি বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে এই খবৰ আপোনাৰ বাবে, কিয়নো পুনৰ আৰম্ভ হ'ব ভাৰত(India) আৰু ছিংগাপুৰৰ(Singapore) মাজত বিমান সেৱা ৷

যিহেতু ক'ভিড সৃষ্ট (Covid-19)পৰিবেশৰ বাবে বিগত দুবছৰ ধৰি বন্ধ হৈ আছিল ছিংগাপুৰৰ বানিজ্যিক বিমান সেৱা ৷ এতিয়া পুনৰ আৰম্ভ হ'ব ভাৰত আৰু ছিংগাপুৰৰ মাজত বাণিজ্যিক বিমান সেৱা ৷

জানিব পৰা মতে, এই সন্দৰ্ভত ছিংগাপুৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় ( Singapore Ministry of Civil Aviation )আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (Ministry of External Affairs) এক আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ছিংগাপুৰ চৰকাৰে ঘোষণা কৰা অনুসৰি অহা 29 নৱেম্বৰৰ (29 November)পৰা আৰম্ভ হ'ব এই বিমান সেৱা ৷ বৰ্তমান চেন্নাই(Chennai), দিল্লী(Delhi), মুম্বাই(Mumbai)ৰ পৰা দুখনকৈ দৈনিক বিমানেৰে বাণিজ্যিক সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

বন্দে ভাৰত(Vande Bharat) অভিযানৰ অধীনত এয়াৰ ইণ্ডিয়া(Air India)ৰ জৰিয়তে এই বিমান সেৱা পুনৰ আৰম্ভ কৰা হ’ব ৷ এই সন্দৰ্ভত এক পৰ্যালোচনাত মিলিত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ(S.Jaishankar) আৰু ছিংগাপুৰৰ পৰিবহণ মন্ত্ৰী এছ. ঈশ্বৰণ (S. Iswaran) ৷

  • Began my Singapore visit by meeting S. Iswaran, Minister of Transport.

    Discussed enhancing travel arrangements between the two countries. pic.twitter.com/KCbLSB0TU2

    — Dr. S. Jaishankar (@DrSJaishankar) November 17, 2021 " class="align-text-top noRightClick twitterSection" data="

Began my Singapore visit by meeting S. Iswaran, Minister of Transport.

Discussed enhancing travel arrangements between the two countries. pic.twitter.com/KCbLSB0TU2

— Dr. S. Jaishankar (@DrSJaishankar) November 17, 2021 ">

এক টুইটযোগে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰি কয় যে,"পৰিবহণ মন্ত্ৰী এছ. ঈশ্বৰণক সাক্ষাৎ কৰি মোৰ ছিংগাপুৰ ভ্ৰমণ আৰম্ভ কৰিলোঁ ৷ দুয়োখন দেশৰ মাজত ভ্ৰমণ ব্যৱস্থা উন্নত তথা বৃদ্ধিৰ প্ৰসংগ আলোচনা কৰা হৈছে ৷"

যিসকল ভাৰতীয় ভ্ৰমণকাৰীয়ে ক'ভিডৰ সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰিছে, সেইসকল লোকে অহা 29 নৱেম্বৰৰ পৰা যাব পাৰিব ছিংগাপুৰ ভ্ৰমণলৈ ৷ লগতে ক'ভিডৰ সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰা সকলক প্ৰয়োজন নহ'ব কোনো ধৰণৰ কোৱাৰেন্টাইনৰ ৷

লগতে পঢ়ক : COP 26 সন্মিলনত ই-অমৃত প’ৰ্টেল মুকলি ভাৰতৰ

ইন্টাৰনেশ্বনেল ডেস্ক, 18 নৱেম্বৰ: আপুনি বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে এই খবৰ আপোনাৰ বাবে, কিয়নো পুনৰ আৰম্ভ হ'ব ভাৰত(India) আৰু ছিংগাপুৰৰ(Singapore) মাজত বিমান সেৱা ৷

যিহেতু ক'ভিড সৃষ্ট (Covid-19)পৰিবেশৰ বাবে বিগত দুবছৰ ধৰি বন্ধ হৈ আছিল ছিংগাপুৰৰ বানিজ্যিক বিমান সেৱা ৷ এতিয়া পুনৰ আৰম্ভ হ'ব ভাৰত আৰু ছিংগাপুৰৰ মাজত বাণিজ্যিক বিমান সেৱা ৷

জানিব পৰা মতে, এই সন্দৰ্ভত ছিংগাপুৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় ( Singapore Ministry of Civil Aviation )আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (Ministry of External Affairs) এক আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ছিংগাপুৰ চৰকাৰে ঘোষণা কৰা অনুসৰি অহা 29 নৱেম্বৰৰ (29 November)পৰা আৰম্ভ হ'ব এই বিমান সেৱা ৷ বৰ্তমান চেন্নাই(Chennai), দিল্লী(Delhi), মুম্বাই(Mumbai)ৰ পৰা দুখনকৈ দৈনিক বিমানেৰে বাণিজ্যিক সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

বন্দে ভাৰত(Vande Bharat) অভিযানৰ অধীনত এয়াৰ ইণ্ডিয়া(Air India)ৰ জৰিয়তে এই বিমান সেৱা পুনৰ আৰম্ভ কৰা হ’ব ৷ এই সন্দৰ্ভত এক পৰ্যালোচনাত মিলিত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ(S.Jaishankar) আৰু ছিংগাপুৰৰ পৰিবহণ মন্ত্ৰী এছ. ঈশ্বৰণ (S. Iswaran) ৷

  • Began my Singapore visit by meeting S. Iswaran, Minister of Transport.

    Discussed enhancing travel arrangements between the two countries. pic.twitter.com/KCbLSB0TU2

    — Dr. S. Jaishankar (@DrSJaishankar) November 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এক টুইটযোগে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰি কয় যে,"পৰিবহণ মন্ত্ৰী এছ. ঈশ্বৰণক সাক্ষাৎ কৰি মোৰ ছিংগাপুৰ ভ্ৰমণ আৰম্ভ কৰিলোঁ ৷ দুয়োখন দেশৰ মাজত ভ্ৰমণ ব্যৱস্থা উন্নত তথা বৃদ্ধিৰ প্ৰসংগ আলোচনা কৰা হৈছে ৷"

যিসকল ভাৰতীয় ভ্ৰমণকাৰীয়ে ক'ভিডৰ সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰিছে, সেইসকল লোকে অহা 29 নৱেম্বৰৰ পৰা যাব পাৰিব ছিংগাপুৰ ভ্ৰমণলৈ ৷ লগতে ক'ভিডৰ সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰা সকলক প্ৰয়োজন নহ'ব কোনো ধৰণৰ কোৱাৰেন্টাইনৰ ৷

লগতে পঢ়ক : COP 26 সন্মিলনত ই-অমৃত প’ৰ্টেল মুকলি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.