ETV Bharat / international

ভাৰত মোৰ মাজত গভীৰভাৱে শিপাই আছে : সুন্দৰ পিচাই

author img

By

Published : Jul 13, 2021, 4:52 PM IST

কেলিফোৰ্ণিয়াৰ চিলিকন ভেলী স্থিত গুগলৰ মুখ্য কাৰ্যালয়ত (Google Headquarter) BBCৰ সৈতে হোৱা সাক্ষাৎকাৰত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে গুগলৰ মুখ্যকাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে (Sundar Pichai) ৷

India is deeply within me, a big part of who I am: Sundar Pichai
ভাৰত মোৰ মাজত গভীৰভাৱে শিপাই আছে : সুন্দৰ পিচাই

ইন্টাৰনেশ্যনেল ডেস্ক, 13 জুলাই : ‘ভাৰত মোৰ মাজত গভীৰভাৱে শিপাই আছে আৰু ই বৰ্তমান মই যি স্থানত আছো তাৰ এটা ডাঙৰ অংশ ৷’ এই মন্তব্য গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া (Google CEO) সুন্দৰ পিচাই(Sundar Pichai)ৰ ৷ তামিলনাডুত জন্মগ্ৰহণ কৰা পিচাই চেন্নাইত ডাঙৰ দীঘল হৈছিল ৷

কেলিফোৰ্ণিয়াৰ চিলিকন ভেলী স্থিত (California Silicon Valley) গুগলৰ মুখ্য কাৰ্যালয়ত BBCৰ সৈতে হোৱা সাক্ষাৎকাৰত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ৷ ইয়াৰ ভিতৰত অন্যতম আছিল বিনামূলীয়া আৰু মুক্ত ইন্টাৰনেট সেৱাৰ প্ৰতি ভাবুকি ৷ ইয়াৰ উপৰিও তেওঁ দুটাকৈ বিষয় ক্ৰমে আৰ্টিফিচিয়েল ইন্টিলিজেঞ্চ (Artificial Intellignece) আৰু কোৱান্টাম কম্পিউটিঙৰ (Quantum Computing) ওপৰতো বাখ্যা আগবঢ়ায় ৷ তেওঁৰ মতে যিয়ে শতিকাৰ পৰৱৰ্তী এপষেকত সমগ্ৰ বিশ্বতে বিপ্লৱৰ সূচনা কৰিবলৈ গৈ আছে ৷

আনহাতে, তেওঁৰ শিপা সন্দৰ্ভত সোধা প্ৰশ্নত পিচাইয়ে কয়, ‘মই আমেৰিকাৰ নাগৰিক কিন্তু ভাৰত মোৰ মাজত গভীৰভাৱে শিপাই আছে ৷ গতিকে ই আজিৰ মইটোৰ এটা ডাঙৰ অংশ ৷’

‘মই ভাৱো যে, আৰ্টিফিচিয়েল ইন্টিলিজেঞ্চ (AI) হ’ল মানৱ সভ্যতাই বিকাশ ঘটোৱা আৰু কাম কৰা সকলোতকৈ গভীৰ প্ৰযুক্তি ৷ ধৰি লওক আপুনি জুই, বিজুলি নাইবা ইন্টাৰনেটৰ বিষয়ে চিন্তা কৰিছে ৷ ই থিক তেনেকুৱাই ৷ কিন্তু মই ভাৱো যে ই তাতকৈয়ো গভীৰ ৷’ গুগল (Google) আৰু ইয়াৰ অভিভাৱক প্ৰতিষ্ঠান আলফাবেটৰ (Alphabet) চি ই অ’ পিচাইয়ে এনেদৰে কয় ৷ তেওঁ লগতে কয়, আমি আমাৰ কৰৰ সৰ্বাধিক অংশ আমেৰিকাক প্ৰদান কৰো য’ত আমাৰ উৎপত্তিৰ লগতে আমাৰ সামগ্ৰীসমূহ উৎপাদিত হয় ৷

ইয়াৰ উপৰিও এই সাক্ষাৎকাৰত তেওঁক নিজৰ প্ৰযুক্তি অভ্যাস সমূহৰ বিষয়েও প্ৰশ্ন শোধা হয় ৷ যাৰ উত্তৰত তেওঁ সুৰক্ষাৰ দিশটোত গুৰুত্বৰ প্ৰদান কৰাৰ উপৰিও নতুন প্ৰযুক্তিৰ পৰীক্ষা কৰিবলৈ নিজৰ ফোনটো সঘনাই সলনি কৰে বুলি কয় ৷

লগতে পঢ়ক- বিপদজনক হ'ব পাৰে দুটা কোম্পানীৰ ভেকচিন গ্ৰহণ: WHO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.