নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ ভাৰতে প্ৰদান কৰা হাইড্ৰ'ক্সিক্ল'ৰকুইন টেবলেটৰ লগতে চাৰ্জিকেল মাস্ক তথা অন্যান্য স্বাস্থ্যজনিত সামগ্ৰী ইতিমধ্য লাভ কৰে বাংলাদেশে । ঢাকাস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত ৰিভা গাংগুলী দাসে বাংলাদেশ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী জাহিদ মালেকক এইসমূহ সামগ্ৰী অৰ্পন কৰে ।
ভাৰতে বাংলাদেশক ১ লাখ হাইড্ৰ'ক্সিক্ল'ৰকুইন টেবলেটৰ লগতে ৫০ হাজাৰ চাৰ্জিকেল মাস্ক প্ৰদান কৰিছে । ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে এইসমূহ সামগ্ৰী বাংলাদেশৰ Central Medical Stores Depotলৈ প্ৰেৰণ কৰা হৈছে । বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী জাহিদ মালেকে এইচেগতে ভাৰতৰ প্ৰধানমন্ত্ৰী তথা সমূহ ভাৰতবাসীক ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ভাৰতে ২৫ মাৰ্চত বাংলাদেশক ৩০ হাজাৰ চাৰ্জিকেল মাস্ক আৰু ১৫ হাজাৰ হেড কাভাৰ প্ৰদান কৰিছিল । বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমিনে কোভিড-১৯ৰ বাবে প্ৰদান কৰা এইসমূহ সাহাৰ্য সামগ্ৰী গ্ৰহণ কৰিছিল ।
উল্লেখ্য যে, এইসমূহ সাহাৰ্য সামগ্ৰী ১৫ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাৰ্কৰ নেতৃত্বৰ সৈতে হোৱা ভিডিঅ' কনফাৰেন্সত ঘোষণা কৰা ছাৰ্ক জৰুৰীকালীন পূঁজিৰ অধীনত প্ৰদান কৰা হৈছে । এই পূঁজিত ভাৰতে প্ৰায় ১০ মিলিয়ন ডলাৰ প্ৰদান কৰিছে ।
বাংলাদেশৰ স্বাস্থ্য বিভাগৰ প্ৰতিবেদন অনুসৰি, দেশখনত এতিয়ালৈকে ৫,৪১৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে । দেশখনৰ ৬৪ খন জিলাৰ ভিতৰত ৬১ খন জিলাতে এই মহামাৰীয়ে প্ৰৱল ৰূপ ধাৰণ কৰিছে আৰু এতিয়ালৈকে দেশখনত ১৪৫ গৰাকী লোক নিহত হৈছে ।
লগতে পঢ়কঃ ভাৰতীয় সীমান্তৰ ওচৰত চীনত নিৰ্মিত মিছাইল স্থাপন পাকিস্তানৰ