নিউজ ডেস্ক, 14 ছেপ্তেম্বৰ: কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে 2,91,88,438 গৰাকীতকৈয়ো অধিক লোকলৈ অতিক্ৰম কৰে ৷ ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বিশ্বত 9,28,325 গৰাকী লোকলৈ বৃদ্ধি পায় ৷ অৱশ্যে 14 ছেপ্তেম্বৰলৈ পোৱা তথ্যা অনুসৰি, বিশ্বজুৰি 2,10,31,679 তকৈয়ো অধিক লোকে ইতিমধ্যে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতি লাভ কৰিছে ৷
পৃথিৱীৰ ভিতৰতে এই মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত ৷ আমেৰিকাত 14 ছেপ্তেম্বৰ পৰ্যন্ত আক্ৰান্ত লোকৰ সংখ্যা 67,08,458 গৰাকীতকৈয়ো অধিকলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,98,520 গৰাকীলৈ ৷
আনহাতে সৰ্বাধিক আক্ৰান্ত দেশসমূহৰ ভিতৰত ভাৰত সম্প্ৰতি দ্বিতীয় স্থানত আছে ৷ ভাৰতত আক্ৰান্তৰ সংখ্যাই 79,754 গৰাকী মৃত্যুৰ সংখ্যাসহ অতিক্ৰম কৰিলে 48,46,427 গৰাকীলৈ ৷
লগতে পঢ়ক: মানালিলৈ উভতিল কংগনা ৰাণাৱট