ETV Bharat / international

বিশ্বত 1,56,40,155 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jul 24, 2020, 1:04 PM IST

24 জুলাইলৈ সমগ্ৰ বিশ্বতে 1,56,40,155 তকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণাৰ সংক্ৰমণ ৷ অৱশ্যে 95,28,714 গৰাকী লোকে ইতিমধ্যে অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

1,56,40,155 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, 24 জুলাই: বিশ্বত কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণ 1,56,40,155 তকৈয়ো অধিক লোকলৈ অতিক্ৰম কৰিলে ৷ আনহাতে 6,35,602 তকৈয়ো অধিক লোকে বৰ্তমানলৈ মৃত্যুক সাৱটি লৈছে সমগ্ৰ বিশ্বতে ৷ অৱশ্যে 95,28,714 তকৈয়ো অধিক লোকে ইতিমধ্যে অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

বিশ্বৰ ভিন্ন দেশত কৰ'ণা সংক্ৰমণৰ শেহতীয়া খবৰ

শুকুৰবাৰে চীনৰ উত্তৰ-পূৰ্বাঞ্চলত দুগৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ লিয়াওনিং প্ৰদেশ কৰ্তৃপক্ষই অধিক সংক্ৰমণ ৰোধৰ বাবে ছবিগৃহ, নৈশ ক্লাৱ আৰু পৰ্যটনস্থলীসমূহ বন্ধ কৰি দিছে ৷

অষ্ট্ৰেলিয়াৰ COVID-19 প্ৰবন অঞ্চল ভিক্টোৰিয়া ৰাজ্যত শুকুৰবাৰে নতুনকৈ 300 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে COVID-19 ৷ আনহাতে বুধবাৰ আৰু বৃহস্পতিবাৰে ৰাজ্যখনত 400 তকৈয়ো অধিক লোকৰ দেহত ধৰা পৰিছিল COVID-19 ৰ অৱস্থিতি ৷

দক্ষিণ কোৰিয়াৰ দৈনিক বৰ্ধিত কৰ'ণা ভাইৰাছৰ সংক্ৰণত কিছু বিৰাম লাগিছে ৷ শুকুৰবাৰে দেশখনত 50 গৰাকীতকৈয়ো কম লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷

বিশ্বত 1,56,40,155 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

কোৰিয়াৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই সদৰি কৰা অনুসৰি, বিগত 24 ঘন্টাত দেশখনত 41 গৰাকী লোক আক্ৰান্ত হৈছে COVID-19 ত ৷ ইয়াৰে 28 গৰাকী স্থানীয় বাসিন্দা আৰু 13 গৰাকী আন্তঃৰাষ্ট্ৰীয় যাত্ৰী ৷ ইয়াৰ লগে লগে দেশখনত আক্ৰান্তৰ সংখ্যা 13,979 গৰাকীলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 298 গৰাকীলৈ ৷

মে' মাহৰ পৰা দেশখনত আৰম্ভ হোৱা কঠোৰ সামাজিক দূৰত্বৰ নিয়ম কিছু পৰিমাণে শিথিল কৰাৰ পাচৰ পৰাই দেশখনত প্ৰতিদিনে 20 ৰ পৰা 60 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷

লগতে পঢ়ক: ৰাজ্যত মহামাৰী কৰ‘ণাত আক্ৰান্ত হৈ 70 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.