নিউজ ডেক্স,27 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সন্দৰ্ভত প্ৰকাশ পোৱা শেহতীয়া আপডেতত এই কথা স্পষ্টভাবে ওলাই পৰিছে যে, সমগ্ৰ বিশ্বতে এই মহামাৰী ভাইৰাছত প্ৰায় 5,00,000 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 28,000 লোকৰ ৷

বিজনেছ মেনেজাৰসকলৰ সমীক্ষাত প্ৰকাশ পাইছে যে, 2009 চনৰ পিছত ইউৰোপৰ সংস্থাসমূহে দ্ৰুত গতিত শ্ৰমিককসকলক অব্যাহতি প্ৰদান কৰিছে ৷ আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত সপ্তাহত নিবনুৱাসকলৰ লাভৰ বাবে আবেদন কৰা আমেৰিকানৰ সংখ্যা 1982 চনত প্ৰকাশিত সংখ্যাৰ তুলনাত পাঁচগুণ বৃদ্ধি পায় ৷
ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে, ইতিমধ্যে ফেডাৰেল কৰ্মকৰ্তাসকলে ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধৰ বাবে কিছুমান নিয়মানুবৰ্তিতা প্ৰৱৰ্তন কৰিছে ৷ এইপ্ৰযন্ত বিশ্বজুৰি ভাইৰাছত আক্ৰান্তৰ সংখ্যা আধা মিলিয়ন অতিক্ৰম কৰাৰ লগতে মৃতকৰ সংখ্যা 28,000ত উপনীত হৈছে ৷ ইয়াৰ বিপৰীতে আৰোগ্য লাভ কৰিছে প্ৰায় 1,20,000 লোকে ৷
লগতে পঢ়ক-কৰ’ণা ভাইৰাছৰ বাবে গ্ৰহণ কৰা তলাবন্ধৰ বাবেই বিশ্বৰ কেইবাখনো দেশত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস