ETV Bharat / international

ঘানীৰ আত্মসমৰ্পণ: তালিবানৰ হাতত আফগানিস্তানৰ বাঘজৰী

ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে ৷ আফগান চৰকাৰৰ আত্মসমৰ্পণৰ পিছতে দেশখনত তালিবানে গঠন কৰিলে অন্তৱৰ্তীকালীন চৰকাৰ ৷

author img

By

Published : Aug 15, 2021, 8:55 PM IST

Taliban takes control in Afghanistan
ঘানীৰ আত্মসমৰ্পণ: তালিবানৰ হাতত আফগানিস্তানৰ বাঘজৰী

ইন্টাৰনেশ্যনেল ডেস্ক, 15 আগষ্ট : দীৰ্ঘসময় ধৰি আফগানিস্তানত চলি থকা সামৰিক বাহিনী আৰু তালিবানৰ সংঘৰ্ষৰ অন্তত দেশখনত তালিবানে গঠন কৰিলে অন্তৱৰ্তীকালীন চৰকাৰ ৷ আফগান চৰকাৰ আৰু তালিবানী পক্ষৰ মাজত হোৱা আলোচনাৰ পিছতে তালিবানে দেশখনৰ শাসনৰ বাঘজৰী নিজৰ হাতত লয় ৷ ইয়াৰ লগে লগেই ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে আশৰফ ঘানীয়ে ৷

আফগানিস্তান চৰকাৰে তালিবানী শক্তিৰ আগত আত্মসমৰ্পণ কৰাৰ পিছতে আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় মোল্লাঃ আব্দুল ঘানী বাৰাদাৰ ৷ তেওঁ তালিবান শাসনৰ অধীনত দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব ৷ বিগত কেইবামাহ ধৰি চলি থকা সংঘাতৰ অন্তত দেওবাৰে কাবুল গেটত উপস্থিত হয় তালিবানী যোদ্ধাসকল ৷

ইয়াৰ পিছতেই মোল্লাঃ আব্দুল ঘানী বাৰাদাৰৰ নেতৃত্বত তালিবানী প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতি ভৱনলৈ খোজ লয় শাসনৰ হস্তান্তৰৰ বাবে ৷

পূৰ্বতে আফগানিস্তানৰ ৰাজধানীত তালিবানৰ প্ৰৱেশ সন্দৰ্ভত কাৰ্যকৰী আভ্যন্তৰীণ মন্ত্ৰী আব্দুল চাট্টাৰ মিৰ্ডাকৱালে কৈছিল, "কাবুলত আক্ৰমণ নহয় আৰু পৰিৱৰ্তন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ব ৷" তেওঁ কাবুলৰ নাগৰিকসকলক সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিব বুলি আস্বস্ত কৰিছিল ৷

লগতে পঢ়ক : তালিবানত সেনাৰ যোগদানৰ লগে লগে আফগান সেনা প্ৰধানক সলনি

প্ৰাপ্ত তথ্য অনুসৰি, তালিবানে তেওঁলোকৰ সদস্যসকলক কাবুল গেটৰ সন্মুখতে ৰ’বলৈ নিৰ্দেশ দিছিল ৷ তেওঁলোকে কৈছিল যে, পৰিৱৰ্তন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন নোহোৱা পৰ্যন্ত কাবুলৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ ৷ তেওঁলোকে কোনোধৰণৰ প্ৰতিশোধ লোৱা নাই আৰু সেয়েহে কাবুলৰ সকলো নাগৰিক আৰু সেনা বিষয়া সুৰক্ষিত হৈ থাকিব ৷

তালিবানে কাবুলৰ গাদীত বিজয় সাব্যস্ত কৰাৰ পিছতে সংগঠনটোৱে এতিয়া চবুৰীয়া দেশৰ সৈতে আফগানিস্তানৰ সকলো আন্তঃৰাষ্ট্ৰীয় সীমাও নিয়ন্ত্ৰণ কৰিব ৷ কাবুলৰ উপৰিও তালিবানে ইতিমধ্যে আফগানিস্তানৰ প্ৰায়সমূহ মুখ্য চহৰ নিজৰ দখললৈ আনিছে ৷

আনহাতে, আফগনিস্তানৰ শাসনভাৰ তালিবানৰ দখললৈ অহাৰ পিছতে আতংকিত হৈ পৰিছে দেশখনত থকা বিদেশী নাগৰিকসকল ৷ ইতিমধ্যে ভাৰত চৰকাৰেও ইয়াৰ নাগৰিকসকলক নিজ দেশলৈ ওভটাই আনিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৷

সমান্তৰালকৈ, এতিয়া দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত থকা আফগানিস্তানৰ শিক্ষাৰ্থী সকলৰ মাজতো আতংকই বিৰাজ কৰিছে ৷ তেওঁলোকে নিজ নিজ ভিছাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক : আফগানিস্তানত থকা ভাৰতীয় নাগৰিকক ভাৰতলৈ উভতি যোৱাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.