ETV Bharat / international

ক’ৰোণা ভাইৰাছৰ সংহাৰঃ চীনত মৃত্যুৰ সংখ্যা 2,386 লৈ বৃদ্ধি - হুৱেই স্বাস্থ্য সংস্থা

চীনৰ আঞ্চলিক স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি শনিবাৰে মৃত্যুৰ সংখ্যা 2,386 গৰাকীলৈ বৃদ্ধি হয় ৷ হুৱেই স্বাস্থ্য সংস্থাৰ সদ্য প্ৰকাশিত প্ৰতিবেদন অনুসৰি হুৱেই প্ৰদেশত 15,299 গৰাকী লোক এই ভাইৰাছৰ কৱলৰ পৰা মুক্তি লাভ কৰিছে ৷ আনহাতে যোৱা 24 ঘন্টাত নতুনকৈ 630 টা ঘটনা পোহৰলৈ আহিছে ৷

Death toll from coronavirus in China's Hubei province reaches 2,340
ক’ৰোণা ভাইৰাছৰ সংহাৰঃ চীনত মৃত্যুৰ সংখ্যা 2,386 লৈ বৃদ্ধি
author img

By

Published : Feb 23, 2020, 10:08 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 23 ফেব্ৰুৱাৰীঃ চীনত অব্যাহত ক’ৰোণা ভাইৰাছৰ সংহাৰ ৷ চীনৰ আঞ্চলিক স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি শনিবাৰে মৃত্যুৰ সংখ্যা 2,386 গৰাকীলৈ বৃদ্ধি হয় ৷ আনহাতে হুৱেই প্ৰদেশত ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা 64,000 টালৈ বৃদ্ধি হয় ৷

হুৱেই স্বাস্থ্য সংস্থাৰ সদ্য প্ৰকাশিত প্ৰতিবেদন অনুসৰি হুৱেই প্ৰদেশত 15,299 গৰাকী লোক এই ভাইৰাছৰ কৱলৰ পৰা মুক্তি লাভ কৰিছে ৷ আনহাতে যোৱা 24 ঘন্টাত নতুনকৈ 630 টা ঘটনা পোহৰলৈ আহিছে ৷

উল্লেখ্য যে, বিগত 24 ঘন্টাত হুৱেইত ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ 96 গৰাকী লোকৰ মৃত্যু হয় ৷

চীন চৰকাৰে ভ্ৰমণ তথা আন আন দিশত এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, ইটালীত শনিবাৰে ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰথমগৰাকী লোকৰ মৃত্যু হয় ৷ আনহতে বহু লোক এই ভাইৰাছৰ কৱলত পৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ বৰ্তমান ইটালীত বিভিন্ন বিদ্যালয়, ৰেষ্টুৰেন্ট তথা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে ৷

আৰু পঢ়কঃক’ৰোণা ভাইৰাছঃ চীনত মৃত্যুৰ সংখ্যা 2,118 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.