ETV Bharat / international

আফগানিস্তানৰ 31 খন প্ৰদেশত নৈশ সান্ধ্য আইন জাৰি

আফগানিস্তানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰ কৰাৰ পাচতে সক্ৰিয় হৈ পৰিছে তালিবান সন্ত্ৰাসবাদী ৷ ইতিমধ্যে তালিবান সন্ত্ৰাসবাদীয়ে ৰাষ্ট্ৰখনৰ কেইবাখনো চহৰৰ গুৰুত্বপূৰ্ণ পথসমূহ দখল কৰি ৰাষ্ট্ৰখনৰ সংযোগ বিছিন্ন কৰাৰ প্ৰয়াস কৰিছে ৷

author img

By

Published : Jul 25, 2021, 10:15 PM IST

Curfew imposed in Afghanistan as Taliban militants advance
আফগানিস্তানৰ 31 খন প্ৰদেশত নৈশ সান্ধ্য আইন জাৰি

ইন্টাৰনেশ্যনেল ডেস্ক, 25 জুলাই : আফগান চৰকাৰে শনিবাৰৰ পৰা সমগ্ৰ দেশখনত সান্ধ্য আইন জাৰি কৰিছে । আফগানিস্তানৰ ৰাজধানী কাবুল আৰু দুখন প্ৰদেশৰ বাহিৰে সমগ্ৰ ৰাষ্ট্ৰখনত নিশা 10 বজাৰ পৰা পুৱা ৪ বজালৈ চৰকাৰে সান্ধ্য আইন জাৰি কৰিছে ৷ উল্লেখযোগ্য যে, আফগানিস্তানৰ পৰা আন্তঃৰাষ্ট্ৰীয় সৈন্যদল প্ৰত্যাহাৰ কৰাৰ পাচতে বিগত দুমাহত তালিবান সন্ত্ৰাসবাদী আৰু আফগান চৰকাৰৰ সেনাৰ মাজত সংঘৰ্ষ যথেষ্ট বৃদ্ধি পাইছে ৷ সন্ত্ৰাসবাদীয়ে আফগানিস্তানৰ প্ৰায় আধা অঞ্চল দখল কৰিছে বুলি অনুমান কৰা হৈছে ।

দেশখনত উদ্ভৱ হোৱা এই পৰিস্থিতিৰ পাচতে আফগানিস্তানৰ চৰকাৰে চহৰখনত সান্ধ্য আইন জাৰি কৰিছে ৷ মূলতঃ তালিবানীসকলৰ আক্ৰমণ প্ৰতিহত কৰাৰ লগতে তালিবান সন্ত্ৰাসবাদীয়ে যাতে চহৰখন দখল কৰিব নোৱাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ উল্লেখ্য যে, আমেৰিকাৰ আক্ৰমণৰ ফলত প্ৰায় ২০ বছৰ পূৰ্বে ক্ষমতাৰ পৰা বাহিৰ হোৱা মৌলবাদী ইছলামীয় সংগঠন তালিবানে পুনৰ ৰাষ্ট্ৰখনৰ কেইবাখনো চহৰৰ গুৰুত্বপূৰ্ণ পথসমূহ দখল কৰি সংযোগ বিছিন্ন কৰাৰ প্ৰয়াস কৰিছে ৷ অৱশ্য, এতিয়ালৈকে কোনো এখন চহৰ সন্ত্ৰাসবাদীয়ে সম্পূৰ্ণৰূপে দখল কৰিবলৈ সক্ষম হোৱা নাই ।

প্ৰাপ্ত তথ্য অনুসৰি, হিংসাত্মক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ আৰু তালিবানক প্ৰতিহত কৰিবলৈ আফগানিস্তানে ৩১ খন প্ৰদেশত নৈশ সান্ধ্য আইন জাৰি কৰিছে ৷ গৃহ মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি, কাবুল, পঞ্জশিৰ আৰু নানগাৰহাৰত বৰ্তমানলৈ সান্ধ্য আইন জাৰি কৰা হোৱা নাই ৷ চলিত সপ্তাহত তালিবানীসকল আগবাঢ়ি অহাত কান্দাহাৰ চহৰৰ উপকণ্ঠ অঞ্চলত দুয়োপক্ষৰ মাজত ভয়াবহ সংঘৰ্ষ হয় ।

লগতে পঢ়ক : আফগানিস্তানৰ পৰা মাৰ্কিন সৈন্য প্ৰত্যাহাৰ: হুছেইন আকবৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.