ETV Bharat / international

বাংলাদেশৰ অত্যাধিক জনবসতিৰ শৰনাৰ্থী শিবিৰত কৰ'ণা ভাইৰাচ সংক্ৰমণৰ শংকা - ৰহিংগীয়া মুচলমাল শৰণাৰ্থী

10 মিলিয়ন লোক থকা শৰণাৰ্থী শিবিৰত জনসংখ্যাৰ ঘনত্ব প্ৰতিবৰ্গকিল' মিটাৰত 40000 জন । প্লাষ্টিকৰ তম্বুৰ তলত থকা এই জনসংখ্যাৰ ঘনত্ব বাংলাদেশৰ জনসংখ্যাৰ ঘনত্বতকৈ 40 গুণ অধিক । প্ৰতিটো তম্বুৰ কোঠালি 10 বৰ্গ মিটাৰ, য'ত 12 জন পৰ্যন্ত লোকে বাস কৰে ।

বাংলাদেশৰ অত্যাধিক জনৱসতিৰ শৰনাৰ্থী শিবিৰত কৰ'ণা ভাইৰাচ সংক্ৰমনৰ শংকা

author img

By

Published : Apr 3, 2020, 6:39 PM IST

ঢাকাঃ বাংলাদেশৰ ঢাকাত থকা বিশ্বৰ অন্যতম বৃহৎ শৰণাৰ্থী শিৱিৰত কৰ'ণা ভাইৰাচ সংক্ৰমনৰ আশংকা কৰা হৈছে । অধিকাৰিক সতৰ্কতা অনুসৰি তাত 1 মিলিয়ন শৰণাৰ্থী আছে । এই ৰহিংগীয়া মুচলমান শৰণাৰ্থীৰ মাজত কেনেবাকৈ এজনৰ তাতো কৰ'ণা ভাইৰাচৰ সংক্ৰমন হ'ব লাগিলে যথেষ্ট ক্ষতিগ্ৰস্থ হ'ব বাংলাদেশ ।

1 মিলিয়ন লোক থকা উক্ত শৰণাৰ্থী শিবিৰত জনসংখ্যাৰ ঘনত্ব প্ৰতিবৰ্গকিল'মিটাৰত 40000 জন । প্লাষ্টিকৰ তম্বুৰ তলত থকা এই জনসংখ্যাৰ ঘনত্ব বাংলাদেশৰ জনসংখ্যাৰ ঘনত্বতকৈ 40 গুণ অধিক ।

প্ৰতিটো তম্বুৰ কোঠালি 10 বৰ্গ মিটাৰ, য'ত 12 জন পৰ্যন্ত লোকে বাস কৰে ।

তাত এতিয়ালৈ কোভিড-19ৰ কোনো কেচ পোৱা নাই, কিন্তু অধিকাৰী সকল এই বিষয় লৈ যথেষ্ট সচেতন হৈ আছে । ইউ.এন.-এ পৰীক্ষণৰ কোনো ব্যৱস্থা কৰা নাই যদিও কোনো সন্দেহাতীত লোক পালেই চৰকাৰী হস্পাতাললৈ পঠিয়াই দিয়া হয় ।

আমি তেওঁলোকক ৰক্ষা কৰাৰ সকলো চেষ্টা কৰি আছো যদিও ভাইৰাচ সংক্ৰমণ হ'লে আমাৰ বাবে বহু জটিল হৈ পৰিব- এচছিয়েট প্ৰেছৰ লগত হোৱা কথা বাৰ্তাত এইদৰে কয় বাংলাদেশৰ এগৰাকী উচ্চস্তৰীয় বিষয়াই ।

তেওঁ কয় যে, 34 টা এনে কেম্প আছে যিয়ে ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ।

উক্ত শৰণাৰ্থী শিবিৰত অত্যাধিক লোক আছে । এটা পৰিয়ালৰ সদস্যই বহুত । তেনে পৰিস্থিতিত সকলোকে সুকীয়াকৈ ৰখাটো অসম্ভৱ । মহম্মদ কামাল হুচেইন নামৰ চৰকাৰি বিষয়া এগৰাকীয়ে এইদৰে কয় । লগতে অত্যাৱশ্যকীয় কামৰ বাহিৰে বিদেশী লোক এই স্থানলৈ যোৱাটো নিষেধ কৰা বুলিও জনাই ।

বাংলাদেশত বৰ্তমানলৈ 54 টা কোভিড-19ৰ কেচ আছে আৰু তাৰে 6 জনৰ মৃত্যু হৈছে । 160 মিলিয়ন লোকে বাস কৰা বাংলাদেশত 11 এপ্ৰিললৈ লক ডাউন ঘোষণা কৰা হৈছে ।

এই শিবিৰৰ ভিতৰত 100 খন আছুতীয়া বিছনা তৈয়াৰ কৰা হৈছে । লগতে শিবিৰৰ বাহিৰত ইউ এন শৰনাৰ্থী এজেন্সীৰ পৰা 1200 খন অতিৰিক্ত বিছনাৰ উখিয়া আৰু টেকনাফত ব্যৱস্থা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.